ডিব্ৰুগড়ৰ নাহৰতলী চাহ বাগিচাত যুৱ সাংবাদিকতাৰ কৰ্মশালা সম্পন্নঃ ৪ বাগিছাৰ ৪১ গৰাকী প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণঃ সমল ব্যক্তি জ্যোষ্ঠ সাংবাদিক বিভাস দুৱৰা
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ডিকমত অৱস্থিত নাহৰতলী চাহ বাগিছাৰ ষ্টাফ ক্লাবত এক যুৱ সাংবাদিকতাৰ কৰ্মশালা সম্পন্ন হয়।এবিটাৰ উদ্যোগত তথা ইউনিচেফৰ সহযোগত আয়োজিত কৰ্মশালাত বৃহত্তৰ অঞ্চলটোৰ থানাই, হেজেলবেংক, নাহৰতলী আৰু নাডুৱা চাহ বাগিছাৰ প্ৰায় ৪১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰে।উক্ত কৰ্মশালাত ডিব্ৰুগড়ৰ জ্যেষ্ঠ সাংবাদিক বিভাস দুৱৰাই সমল ব্যক্তিৰূপে অংশ গ্ৰহণ কৰি শিক্ষাৰ্থী সকলক সাংবাদিকতাৰ আদিপাঠ প্ৰদানৰ লগতে সাংবাদিকতাৰ ব্যৱহাৰিক দিশ সমূহৰ ওপৰতো আলোকপাত কৰে।দুদিনীয়াকৈ অনুষ্ঠিত কৰ্মশালাখনিত ছাত্ৰ- ছাত্ৰী সকলৰ উপস্থিতি আছিল শলাগ ল’ব লগীয়া।যুৱ সাংবাদিকতাৰ পৰামৰ্শদাতা ৰীতা কোঁৱৰ, এবিটাৰ সমন্বয়ক উৰ্মিলা গগৈৰ লগতে চাহ বাগিচাৰ সমন্বয়ক ক্ৰমে ইন্দ্ৰজিত বৰুৱা,পৰিনিতা দত্ত, নিভা খনিকৰ, মিলি কৰ্মকাৰৰ সহায় আৰু সহযোগ আছিল উল্লেখনীয়।কৰ্মশালাখনিৰ শেষৰ দিনা নাহৰতলী চাহ বাগিচাৰ জনকল্যান বিষয়া কামেশ্বৰ কুৰ্মীৰ উপস্থিতিয়ে ছাত্ৰ-ছাত্ৰী সকলৰ উৎসাহ আৰু মনোবল বৃদ্ধি কৰে।শিক্ষাৰ্থী সকলে স্থলীতে জনকল্যান বিষয়াগৰাকীৰ এক সাক্ষাৎকাৰ গ্ৰহণ কৰি নিজ নিজ প্ৰতিভা বিকাশৰ পৰিচয় দি সকলোকে স্তম্ভিত কৰি তোলে। ইয়াৰ সমান্তৰালকৈ দুদিনীয়া কৰ্মশালাৰ পৰা আয়ত্ব কৰা শিক্ষা আৰু জ্ঞানৰ দ্বাৰা শিক্ষাৰ্থী সকলে সমল ব্যক্তি সাংবাদিক বিভাস দুৱৰাৰ ৩১ বছৰীয়া সফল সাংবাদিকতাৰ জীৱনৰ ওপৰতো সাক্ষাৎকাৰ গ্ৰহণ কৰি সকলোৰে দৃষ্টি নিবন্ধ কৰে।সময়ে সময়ে চাহ বাগিচাৰ ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক আৰু মানসিক উত্তৰণৰ বাবে গ্ৰহণ কৰা এনে প্ৰচেষ্টাক সকলোৱেই একেমুখে প্ৰশংসা কৰিছে।