ডিব্ৰুগড়ৰ নালিয়াপুলত বিনামূলীয়া স্বাস্থ্য শিবিৰ: শ ৰো অধিক লোকৰ অংশগ্ৰহণ

ডিব্ৰুগড়ৰ নালিয়াপুলত বিনামূলীয়া স্বাস্থ্য শিবিৰ: শ ৰো অধিক লোকৰ অংশগ্ৰহণ

ডিব্ৰুগড়,এম হাছিম আলী, ৰঙিলী বাৰ্ত্তাসেৱা-  ডিব্ৰুগড়ৰ বৃহত্তৰ নালিয়াপুল যুৱ উন্নয়ন সমিতিৰ উদ্যোগত আৰু স্থানীয় “অপেক্ষা হস্পিতেল” ৰ সহযোগত আজি(১২/৭/২৩) ডিব্ৰুগড়ৰ নালিয়াপুলত থকা মুচাফিৰখানাত এটি স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। ইয়াত বিশেষকৈ সমাজৰ দুখীয়া আৰু বৃদ্ধ লোকসকলক বিনামূলীয়াকৈ ফিজিওথেৰাপী, চকু, দাঁত , প্ৰেচাৰ, চুগাৰ,আদি বিভিন্ন ধৰণৰ ৰোগ ঠাইতে পৰীক্ষা কৰা হয়। এই ক্ষেত্ৰত অপেক্ষা হস্পিতেলৰ পৰা সেৱা আগবঢ়াবলৈ অহা সকল হৈছে ডাঃ জুবায়েৰ জামান, ডাঃ অভিশেষ আগৰৱালা, ডাঃ অপেক্ষা আগৰৱাল, বাসন্তী দাস চুনুমুনু হাজৰিকা, মেৰীপূৰ্তি, সুমিত্ৰা দে আৰু নবজিৎ সোণোৱাল আদি সেৱক- পৰিসেৱিকা সকলে প্ৰায় এশ ৰোগীক পৰীক্ষা কৰে। উল্লেখযোগ্য যে “অপেক্ষা হস্পিতেল”খনিয়ে ইতিপূৰ্বেও সময়ে সময়ে বিনামূলীয়াকৈ দুখীয়া সকলক এই সমিতিৰ জৰিয়তে স্বাস্থ্য পৰীক্ষা কৰি সেৱা আগবঢ়াই আহিছে। তেওঁলোকৰ এই সেৱাৰ বাবে নালিয়াপুলবাসীৰ হৈ মুচাফিৰ খানাৰ সভাপতি আলহজ চাহিল ৰহমান আৰু সম্পাদক আলহজ গিয়াছ উদ্দিন আহমেদ ৰাজীবে শলাগ লয়।