ডিব্ৰুগড়ৰ নাট্যমন্দিৰত “জন সাংস্কৃতিক সমাজ”ৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষ”ৰ আৰম্ভণি 

ডিব্ৰুগড়ৰ নাট্যমন্দিৰত “জন সাংস্কৃতিক সমাজ”ৰ উদ্যোগত ৰূপালী জয়ন্তী বৰ্ষ”ৰ আৰম্ভণি 

এম হাছিম আলী, ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ আমোলাপট্টি নাট্য মন্দিৰত ‘জন সাংস্কৃতিক সমাজ, ডিব্ৰুগড়’ৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভণী অনুষ্ঠান সুচাৰুৰূপে অনুষ্ঠিত হয়৷ এই উদ্দেশ্যে চাৰি আগষ্টত পুৱা ‘সংগ্ৰাম’ ‘সম্প্ৰীতি’ আৰু ‘সৃজনী’ৰ মূলমন্ত্ৰ খচিত পতাকাখনি উত্তোলন কৰে জন সাংস্কৃতিক সমাজৰ সভাপতি চেহিৰ আহমেদে৷ জন সাংস্কৃতিক সমাজৰ প্ৰতিষ্ঠাপক সম্পাদক লীলা চাংমায়ে এৰি অহা দিনবোৰক আৱেগিক হৈ সোঁৱৰণ কৰে৷ সন্ধিয়ালৈ সাংস্কৃতিক কাৰ্যসূচীৰ আৰম্ভণিতে সূৰ্য ভাগৱতী ৰচিত আৰু সুৰাৰোপিত শীৰ্ষ গীতটি পৰিৱেশন কৰা হয়৷ সভাপতি চেহিৰ আহমেদৰ উপস্থিতিত বিশিষ্ট অতিথি বৰণ কৰে উপসভাপতিদ্বয় সুদক্ষিণা দাস, হিৰণ্য সেনাপতি আৰু সম্পাদক লক্ষধৰ কলিতাই৷ ‘স্মৃতি সূচনা’ উন্মোচন কৰি সূৰ্য ভাগৱতীয়ে যোৱা চব্বিশটা বছৰৰ বহু স্মৃতি ৰোমন্থন কৰে৷ বিশিষ্ট লেখক, অধ্যাপক ড° মৃদুল শৰ্মাই বাস্তৱমুখী ভাষণেৰে সকলোকে মোহিত কৰে৷ অন্যান্য অনুষ্ঠানৰ ভিতৰত ভূবন গগৈৰ পৰিচালনাৰে সমৱেত সংগীত, অৰুণ হাজৰিকাৰ গীত, ৰুবী গগৈ সন্দিকৈৰ পৰিচালনাৰে ধৃতি দুৱৰাৰ নৃত্য, প্ৰশান্তজিৎ দাস আৰু ৰুচিপ্ৰজ্ঞা শইকীয়াৰ বেহেলা বাদন আৰু চেহিৰ আহমেদৰ পৰিকল্পনা আৰু পৰিচালনা তথা হাচান ইকবালৰ সঙ্গীত পৰিচালনাৰে পৰিৱেশিত কাব্য-আলেখ্য আছিল অনুষ্ঠানৰ বিশেষ আকৰ্ষণ৷ অনুষ্ঠানৰ শেষত গুৱাহাটীৰ পৰা আমন্ত্ৰিত বিশিষ্ট শিল্পী হুমায়ুন চৌধুৰীৰ গণ সঙ্গীতে অনুষ্ঠানত এক বিশেষ মাত্ৰা প্ৰদান কৰে৷ বহুতো বিশিষ্ট ব্যক্তিৰ উপস্থিতিত প্ৰায় তিনিঘণ্টা যোৰা এই অনুষ্ঠানটিৰ আঁত ধৰে কন্ঠশিল্পী হাচান ইকবালে৷