ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা” (ADRE 2.0) সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক

ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ সভাপতিত্বত “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা” (ADRE 2.0) সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক::
ডিব্ৰুগড়ত মুঠ ৬৯ টা কেন্দ্ৰত অৱত্তীৰ্ণ হ’ব ৫৫,৪৪১ গৰাকী পৰীক্ষাৰ্থী

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা” (ADRE 2.0) সুচাৰুৰূপে আয়োজন কৰিবৰ বাবে গঠন কৰা জিলা পৰ্যায়ৰ সমিতিৰ এখনি গুৰুত্বপূৰ্ণ সভা ১০ চেপ্টেম্বৰত ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰীৰ অধ্যক্ষতাত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয়। উক্ত সভাত ১৫ আৰু ২৯ ছেপ্টেম্বৰ আৰু ২৭ অক্টোবৰ তাৰিখে অনুষ্ঠিত হবলগীয়া “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা” (ADRE 2.0) সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ দিশ আলোচনা কৰা হয়। পৰীক্ষাৰ্থীসকল যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তথা পৰীক্ষা যাতে সুকলমে অনুষ্ঠিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষাত নিয়োজিত সকলো বিষয়া-কৰ্মচাৰীকে নিষ্ঠা সহকাৰে কৰ্তব্য সম্পাদন কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। উল্লেখযোগ্য যে পৰীক্ষাৰ দিনা পৰীক্ষা কেন্দ্ৰৰ এশ মিটাৰ ব্যসাৰ্ধৰ ভিতৰত পৰীক্ষাৰ্থী আৰু পৰীক্ষাত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলৰ বাহিৰে অন্য সাধাৰণ জনতাৰ প্ৰৱেশত কঠোৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে। পৰীক্ষা কেন্দ্ৰসমূহ চিচি টিভিৰ নিৰীক্ষণত ৰখাৰ উপৰিও ভিডিঅ’গ্ৰাফীৰো ব্যৱস্থা কৰা হৈছে। পৰীক্ষাৰ্থীসকলে মোবাইল, স্মাৰ্ট ঘড়ী, ক্যালকুলেটৰকে আদি কৰি আন যিকোনো ধৰণৰ ইলেক্ট্ৰ’নিক ডিভাইচ চুইচ অফ বা অন মোডত লগত লৈ যাব নোৱাৰিব। পৰীক্ষাৰ্থীসকলে কেৱল এডমিট কাৰ্ড, চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা জাৰী কৰা ফটো পৰিচয় পত্ৰ (যেনে ভোটাৰ কাৰ্ড, পান কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ) লগতে নীলা/কলা পেন, পেঞ্চিল, স্কেল, ইৰেজাৰ আদি লগত ৰাখিব পাৰিব। পৰীক্ষাৰ্থীসকল পৰীক্ষা আৰম্ভ হোৱাৰ ২ ঘন্টাৰ আগতে নিজ নিজ কেন্দ্ৰত উপস্থিত হ’ব লাগিব। যদি কোনো পৰীক্ষাৰ্থী অথবা পৰীক্ষাত নিয়োজিত বিষয়া-কৰ্মচাৰীয়ে অসৎ উপায় অৱলম্বন কৰে, তেন্তে তেওঁলোকক “The Assam Public Examination Measures for Prevention of Unfair Means in Recruitment Act, 2024″ৰ অধীনত আইনগতভাৱে কাৰাদণ্ড বিহাৰ লগতে নগদ ধন জৰিমনা হিচাপে ভৰিব লাগিব। আনহাতে, জিলাখনৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰলৈ যাত্ৰা কৰাত যাতে পৰীক্ষাৰ্থীসকলে কোনো অসুবিধাৰ সন্মুখীন নহয়, সেই বিষয়েও আজিৰ সভাত বিতংভাৱে আলোচনা কৰা হয়। উল্লেখযোগ্য যে, “অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা, ২০২৪” (ADRE, 2024)ত ডিব্ৰুগড় জিলাৰ ৬৯ টা পৰীক্ষা কেন্দ্ৰত মুঠ ৫৫,৪৪১ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব। ইয়াৰে পুৰুষ পৰীক্ষাৰ্থী ২৭,৯৮৫ গৰাকী, মহিলা পৰীক্ষাৰ্থী ২৭,৪৫৬ আৰু বিশেষভাবে সক্ষম পৰীক্ষাৰ্থী ১৯৪ গৰাকী। জিলা আয়ুক্তই বিষয়াসকলক পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰি যাৱতীয় সা-সুবিধাৰ উপলব্ধতাৰ বিষয়ে বুজ লবলৈ নিৰ্দেশ দিয়ে। আনহাতে, পৰীক্ষাৰ দিনা প্ৰতিটো পৰীক্ষা কেন্দ্ৰত বিদ্যুতৰ যোগান অব্যাহত ৰখাৰ লগতে অনাময়ৰ সু-ব্যৱস্থা আৰু পৰ্যাপ্ত বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈয়ো নিৰ্দেশ দিয়ে। ইয়াৰ লগতে জিলাখনৰ সকলো পৰীক্ষা কেন্দ্ৰৰ নিকটৱৰ্তী চিকিৎসলয় আৰু স্বাস্থ্য কেন্দ্রসমূহৰ লগতে 108 আৰু অন্য এম্বুলেঞ্চ সেৱাক সষ্টম কৰি ৰাখিবলৈ জিলা আয়ুক্তই স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে। উক্ত সভাত ডিব্রুগড় জিলা আৰক্ষী অধীক্ষক ভি.ভি ৰাকেশ ৰেড্ডী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, অতিৰিক্ত জিলা আয়ুক্ত ডাঃ মণিকা বৰা, নিৰ্বাচনী বিষয়া প্ৰাঞ্জীল গগৈ, ডিব্ৰুগড় জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক সমীৰণ বৰা, জিলাখনৰ আটাইকেইটা ৰাজহচক্ৰৰ চক্ৰ বিষয়াসকল, পৌৰসভাৰ কাৰ্যবাহী বিষয়া সকল, শিক্ষা বিভাগৰ লগতে বিদ্যুৎ, জিলা পৰিবহন বিভাগ আৰু অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।