ডিব্ৰুগড়ত ২০২৫-২৬ বৰ্ষ কেন্দ্ৰীয় বাজেট সন্দৰ্ভত সংবাদ মেল
নাগৰিক সভাতো অংশ গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী অন্নপূৰ্ণা দেবী
ৰঙিলী বাৰ্ত্তাসেৱা- দুদিনীয়া কাৰ্যসূচীৰে অসম ভ্ৰমণলৈ অহা ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মহিলা আৰু শিশু কল্যাণ বিভাগৰ মন্ত্ৰী অন্নপূৰ্ণা দেবীয়ে ডিব্ৰুগড়ত উপস্থিত হৈ পোনে পোনে ডিব্ৰুগড় আৱৰ্ত ভৱনত উপস্থিত হৈ ডিব্ৰুগড়ৰ সাংবাদিকসকলৰ সৈতে এখন সংবাদ মেল সম্বোধন কৰে। সংবাদ মেলত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা আগন্তুক ২০২৫-২৬ বৰ্ষৰ বাজেট সম্পৰ্কে কিছু বক্তব্য দাঙি ধৰাৰ লগতে বিগত ২০১৪ চনৰ পিছত দেশৰ জনসাধাৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে অৱগত কৰে। উক্ত সংবাদ মেলত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সম্পাদক বিকুল ডেকা, অন্যতম মুখপাত্ৰ সুভাষ দত্ত, জিলা প্ৰভাৰী তথা প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকা, ডিব্ৰুগড় জিলাৰ সভাপতি দুলাল বৰা উপস্থিত থাকে। ইয়াৰ পিছতেই কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে হোটেল টি কাউণ্টিত আয়োজন কৰা নাগৰিক সভাত অংশ গ্ৰহণ কৰে। ভাষণ প্ৰসংগত তেওঁ কেন্দ্ৰীয় চৰকাৰে অসমীয়া ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়া কথা উল্লেখ কৰে। তদুপৰি তেওঁ কেন্দ্ৰীয় চৰকাৰে জনসাধাৰণৰ বাবে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ বিষয়ে উল্লেখ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দেশৰ মহিলা সৱলীকৰণৰ বাবেও বিশেষ আঁচনি গ্ৰহণ কৰা কথা উল্লেখ কৰে। তদুপৰি তেওঁ বাল্য বিবাহৰ বিৰুদ্ধে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙগ্ৰহণ কৰা আঁচনিৰ কথাও উল্লেখ কৰে। ঐতিহাসিক চহৰ ডিব্ৰুগড়ৰ সামগ্ৰীক উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নিশ্চয় আগন্তুক দিনত আঁচনি গ্ৰহণ কৰিব বুলি মত প্ৰকাশ কৰে। উক্ত সভাত ৰাজ্যসভা সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী মাননীয় শ্ৰীযুত ৰামেশ্বৰ তেলী ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত পুলক গোহাঁই ডাঙৰীয়া, সম্পাদক মাননীয় শ্ৰীযুত বিকুল ডেকা ডাঙৰীয়া, মুখপাত্ৰ তথা অসম গৃহ পৰিষদৰ উপাধ্যক্ষ মাননীয় শ্ৰীযুত সুভাষ দত্ত ডাঙৰীয়া, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি মাননীয় শ্ৰীযুত দুলাল বৰা ডাঙৰীয়া, জিলা প্ৰভাৰী তথা প্ৰাক্তন বিধায়ক মাননীয় শ্ৰীযুত দেৱানন্দ হাজৰিকা ডাঙৰীয়া, লাহোৱাল সমষ্টিৰ প্ৰাক্তন বিধায়ক তথা অসম পৰ্যটন নিগমৰ অধ্যক্ষ মাননীয় শ্ৰীযুত ৠতুপৰ্ণ বৰুৱা ডাঙৰীয়াকে ধৰি দলৰ কেইবাজনো জ্যেষ্ঠ নেতাই অংশ গ্ৰহণ কৰে।