ডিব্ৰুগড়ত ১৯১ গৰাকী বিনিয়োগকাৰীয়ে অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহী::ডিব্ৰুগড় জিলাত মুঠ ১৬৪০ কোটি টকা বিনিয়োগৰ ইচ্ছা প্ৰকাশ বিনিয়োগকাৰীৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমক ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ বিনিয়োগৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ লক্ষ্যৰে আজিৰে পৰা গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হৈছে “এডভান্টেজ আছাম -২.০” শীৰ্ষক বিনিয়োগ আৰু আন্তঃগাঠনি সন্মিলন। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে শুভ উদ্বোধন কৰা “এডভান্টেজ আছাম-২.০” বিনিয়োগ আৰু আন্তঃগাঁঠনি সন্মিলনত কেইবাগৰাকী কেন্দ্রীয় মন্ত্ৰী, দেশৰ আগশাৰীৰ উদ্যোগপতি, দেশী-বিদেশী বিনিয়োগকাৰী আৰু অসমৰ ঔদ্যোগিক ক্ষেত্রৰ উদ্যোগপতিসকলে অংশগ্ৰহণ কৰিছে। এই প্ৰচেষ্টাৰ লগত সংগতি ৰাখি ডিব্ৰুগড় জিলাত ৫ লাখৰ পৰা ৫০ কোটিৰ ভিতৰত বিনিয়োগৰ পৰিকল্পনা কৰা বিনিয়োগকাৰী সকলৰ বাবে বুজাবুজি চুক্তি স্বাক্ষৰৰ এটি বিশেষ অনুষ্ঠান আজি(২৫-২-২৫) ডিব্ৰুগড় জিলা পুঁথিভড়াল প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে আদৰণি ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত বিক্ৰম কৈৰীয়ে কয় যে, বৰ্তমান অসমত এক শান্তিপূৰ্ণ বাতাবৰণৰ সুচনা হৈছে আৰু ৰাজ্যখনৰ অৰ্থনৈতিক ক্ষেত্ৰখনৰ ব্যাপক পৰিৱৰ্তনৰ সুচনা হৈছে। খনিজ আৰু প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসম ক্ৰমান্বয়ে দেশী-বিদেশী বিনিয়োগকাৰীসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ হৈ উঠিছে বুলিও তেওঁ ব্যক্তব্য আগবঢ়ায়। “এডভান্টেজ আছাম ২.০” বিনিয়োগ আৰু আন্তঃগাঠনি সন্মিলনে অসমক ভাৰতৰ এক অন্যতম শ্ৰেষ্ঠ বিনিয়োগৰ গন্তব্যস্থান হিচাপে গঢ়ি তোলাৰ ক্ষেত্রত উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব বুলিও তেওঁ উল্লেখ কৰে। বিনিয়োগ আৰু আন্তঃগাঁঠনিৰ শীৰ্ষ সন্মিলন “এডভান্টেজ আছাম ২.০” ৰ অন্তৰ্গত ডিব্ৰুগড় জিলাৰ অধীনত মুঠ ১৯১ গৰাকী পঞ্জীয়নভূক্ত বিনিয়োগকাৰীৰ অসম চৰকাৰৰ সৈতে বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিবলৈ আগ্ৰহী। ডিব্ৰুগড় জিলাত বিনিয়োগকাৰীসকলে মুঠ ১৬৪০ কোটি টকা বিনিয়োগৰ ইচ্ছা প্ৰকাশ কৰিছে। আনহাতে, ডিব্ৰুগড় জিলা প্ৰশাসনৰ উদ্যোগত “এডভাণ্টেজ আছাম ২.০” বিনিয়োগ আৰু আন্তঃগাথঁনিৰ বিস্তৰ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানৰ জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। ডিব্ৰুগড়ৰ জিলা আয়ুক্ত বিক্ৰম কৈৰী, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিপুল কুমাৰ দাস, জিলা উন্নয়ন আয়ুক্ত অনুপ কুমাৰ ব্ৰহ্ম, অতিৰিক্ত জিলা আয়ুক্ত নন্দিতা বৰুৱা, ডিব্ৰুগড় জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মুখ্য প্ৰৱন্ধক সোণমণি চৌধুৰী প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন চৰকাৰী বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু পঞ্জীয়নভুক্ত আগ্ৰহী বিনিয়োগকাৰীয়ে এই পোনপটীয়া সম্প্ৰচাৰ প্ৰত্যক্ষ কৰে।