ডিব্ৰুগড়ত ‘প্ৰতিশ্ৰুতি’ৰ কেঞ্চাৰ আৰু উপশমী চিকিৎসা সম্পৰ্কীয় সাংবাদিক কৰ্মশালা

ডিব্ৰুগড়ত ‘প্ৰতিশ্ৰুতি’ৰ কেঞ্চাৰ আৰু উপশমী চিকিৎসা সম্পৰ্কীয় সাংবাদিক কৰ্মশালা

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মেডিয়াৰ জৰিয়তে সজাগতা সৃষ্টি কৰি কিদৰে কেঞ্চাৰ প্ৰতিৰোধ কৰিব পাৰি আৰু উপশমী চিকিৎসাৰ প্ৰয়োজন এই সম্পৰ্কীয় এক গুৰুত্বপূৰ্ণ কৰ্মশালা আজি (৮ চেপ্টেম্বৰ) ডিব্ৰুগড়ত সফলতাৰে সম্পন্ন হৈ যায়৷ ৰাজ্যৰ কেঞ্চাৰ সজাগতা অনুষ্ঠান প্ৰতিশ্ৰুতি কেঞ্চাৰ এণ্ড পেলিয়েটিভ ট্ৰাষ্ট চমুকৈ ‘প্ৰতিশ্ৰুতি’ৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদ চমুকৈ ‘এছটেক’ৰ সহযোগত হোটেল লিটিল পেলেছৰ সভাকক্ষত অনুষ্ঠিত এই কৰ্মশালাখনি উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ড॰ সত্যকাম বৰঠাকুৰে৷ উদ্বোধনী ভাষণত ড॰ বৰঠাকুৰে অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ সত্তৰৰো অধিক চিকিৎসক, এশৰো অধিক স্বেচ্চাসেৱক, বিভিন্ন ক্ষেত্ৰৰ লোকৰ লগতে প্ৰায় ছশ দাতাৰে সমৃদ্ধ অনুষ্ঠানটিয়ে বিগত প্ৰায় সাত বছৰত কৰি অহা কাম-কাজৰ ভূয়সী প্ৰশংসা কৰি কয় যে কেন্সাৰ ৰোগীসকলৰ বাবে এখন আনন্দদায়ক পৃথিৱী গঢ় দিয়াটো আমাৰ মানৱীয় দায়িত্ব৷ ‘প্ৰতিশ্ৰুতি’ৰ অবৈতনিক সঞ্চালক তথা অসম চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ গায়ত্ৰী গগৈয়ে কৰ্মশালাৰ লক্ষ্য-উদ্দেশ্য আৰু ‘প্ৰতিশ্ৰুতি’য়ে ‘এছটেক’ৰ ‘প্ৰজেক্ট সংস্কাৰ’ৰ অধীনত বৰ্তমানলৈকে কৰি অহা কাম-কাজ সম্পৰ্কে চমুকৈ আলোকপাত কৰে৷ ‘প্ৰতিশ্ৰুতি’ৰ যুটীয়া সম্পাদক তথা জ্যেষ্ঠ্য সাংবাদিক ৰতন হাজৰিকাই আঁতধৰা কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ সঞ্চালক তথা। মুখ্য কাৰ্যবাহী লোহিত ডেকাই ‘কেঞ্চাৰ সজাগতাৰ ক্ষেত্ৰত মেডিয়াৰ ভূমিকা’ শীৰ্ষক বিষয়ক সাৰুৱা বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানত ‘প্ৰতিশ্ৰুতি’য়ে ছয় বছৰীয়া কাৰ্যকালত কেঞ্চাৰ সজাগতা আৰু প্ৰতিৰোধৰ হকে কৰি অহা বিভিন্ন কাম-কাজ আৰু আঁচনি সম্পৰ্কে চমুকৈ আলোকপাত কৰে সম্পাদক পান্না ভৰালীয়ে৷ ইয়াৰ পিছতে কৰ্মশালাৰ প্ৰথম ভাগ ‘কেঞ্চাৰৰ চিকিৎসা আৰু প্ৰত্যাহ্বান’ শীৰ্ষক বিষয়ত কেঞ্চাৰৰ কৰ্মশালাত প্ৰজেক্টৰৰ সহযোগত বিশিষ্ট অংক’লজিষ্ট ডাঃ ৰমেশ চহৰীয়াই চাৰ্জিকেল অংক’লজি সম্পর্কে, ডিব্ৰুগড় কেঞ্চাৰ কেয়াৰ হস্পিটেলৰ মেডিকেল অংকল’জিষ্ট ডাঃ উমা শংকৰ কুটুমে মেডিকেল অংকল’জিৰ সম্পৰ্কে আৰু ডাঃ বন্দনা গুপ্তাই চাৰ্ভিকেল কেঞ্চাৰৰ সম্পৰ্কে বক্তৃতা প্ৰদানৰ লগতে এই বিষয়সমূহৰ সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতা অনাৰ ক্ষেত্ৰত মেডিয়াৰ ভূমিকাৰ সম্পৰ্কতো আলোকপাত কৰে৷ এই আলোচনাত মডাৰেটৰ হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ ৰীণা দত্ত আহমেদ, মেডিচিন বিশেষজ্ঞ ডাঃ ৰাশী শ্যাম আৰু এএমচিএইছৰ ফাৰ্মাক’লজি বিভাগৰ মুৰব্বী অধ্যাপক ডাঃ মেঘালি চলিহাই৷ ইয়াৰ পিছতে কৰ্মশালাৰ দ্বিতীয় ভাগত ‘ঘৰে ঘৰে উপশমী চিকিৎসাৰ সহজলভ্য, সুলভযোগ্য কৰি তোলা’ শীৰ্ষক বিষয়ত মডাৰেটৰ হিচাপে অংশগ্ৰহণ কৰে ডাঃ প্ৰবীণ ঠাকুৰ, এএমচিএইছৰ মনোৰোগ বিভাগৰ সহযোগী অধ্যাপক ডাঃ কাবেৰী বৰা আৰু ‘প্ৰতিশ্ৰুতি’ৰ কোষাধ্যক্ষ মঞ্জুলা আগৰৱালাই৷ এই সত্ৰত বক্তা হিচাপে ডাঃ জি. এছ বৰগোহাঁয়ে ‘উপশমী চিকিৎসাৰ সূত্ৰঃ দূৰাৰোগ্য ৰোগত ভোগা এগৰাকী ব্যক্তিৰ চিকিৎসাৰ অধিকাৰ’ বিষয়ক আৰু ইংলেণ্ডৰ পৰা অহা উপশমী চিকিৎসাৰ যুৱ গৱেষক হেনৰী ওডে ‘ ইংলেণ্ড, কেৰালা আৰু অসমৰ উপশমী চিকিৎসাৰ মডেল’ শীৰ্ষক বিষয়ত বক্তৃতা প্ৰদানৰ লগতে আইচিএমআৰৰ উপসঞ্চালক ডাঃ এইছ. কে দাসে উপশমী চিকিৎসাৰ প্ৰসাৰ সম্পৰ্কে চমুকৈ আলোকপাত কৰে৷ কৰ্মশালাত ব্লাড কেঞ্চাৰ বিজয়ী ডাঃ আব্দুৰ আৰু তেনে ৰোগৰ আন এগৰাকী ৰোগীৰ আত্মীয় প্ৰণতি দাসে নিজৰ অভিজ্ঞতা ব্যক্ত কৰে৷ উক্ত কৰ্মশালাতে ‘প্ৰতিশ্ৰুতি’ৰ ২০২৪ বৰ্ষৰ ডনৰ অৱ দি ইয়েৰ’ বঁটা’ চিলিাপথাৰৰ বিশিষ্ট সমাজকৰ্মী পৱন কুমাৰ জৈনক প্ৰদানৰ লগতে ‘প্ৰতিশ্ৰুতি’ৰ ২০২৪ বৰ্ষৰ ফিল্ড ৱৰ্কাৰ বঁটা যোৰহাটৰ অংকুৰ শইকীয়াক প্ৰদান কৰা হয়৷ কৰ্মশালাত উজনি অসমৰ তিনচুকীয়া, ডিব্ৰুগড়, ধেমাজি জিলাৰ দুকুৰি সাংবাদিকৰ লগতে ‘প্ৰতিশ্ৰুতি’ৰ বিষয়ববীয়াসহ শতাধিক কৰ্মকৰ্তা, স্বেচ্চাসেৱক উপস্থিত থাকে৷ কৰ্মশালাৰ অন্তত প্ৰথমবাৰৰ বাবে অহা ১৪ আৰু ১৫ ডিচেম্বৰত অসমৰ ডিব্ৰুগড়ত ইণ্ডিয়ান এছ’চিয়েশ্যন অৱ পেলিয়েটিভ কেয়াৰ’ৰ অসম ৰাজ্যিক শাখাৰ অধিৱেশন দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰাৰ সম্পৰ্কত এক সংবাদমেলৰো আয়োজন কৰা হয়৷ এই সংবাদমেলত অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ হৈ বিষয়ববীয়া ডাঃ গায়ত্ৰী গগৈ, ডাঃ এইছ কে. দাস, ডাঃ জি.এছ. বৰগোহাঁই আৰু পান্না ভৰালী উপস্থিত থাকে৷