ডিব্ৰুগড়ত নিচাজাতীয় দ্ৰব্য খুৱাই ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ অচেতন হৈ থাকোতে দলৱদ্ধ বলাৎকাৰ কৰি তোলা হৈছিল নগ্ন ফটো

ডিব্ৰুগড়ত নিচাজাতীয় দ্ৰব্য খুৱাই ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ অচেতন হৈ থাকোতে দলৱদ্ধ বলাৎকাৰ কৰি তোলা হৈছিল নগ্ন ফটো

ৰঙিলী বাৰ্ত্তাসেৱা-  নিচাজাতীয় দ্ৰব্য খুৱাই ডিব্ৰুগড়ৰ ছাত্ৰীক দলৱদ্ধ বলাৎকাৰ।দলৱদ্ধ বলাৎকাৰৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে সহপাঠী ছাত্ৰক। কলেজীয়া ছাত্ৰীগৰাকীয়ে ৰুজু কৰা গোচৰ মতে ছাত্ৰীগৰাকীক নিচাজাতীয় দ্ৰব্য খুৱাই ছমাহ পূৰ্বে অভিযুক্তই দলৱদ্ধ বলাৎকাৰ কৰিছিল।ছাত্ৰীগৰাকীৰ নগ্ন ফটো চাৰ্কুলেট হোৱাটো দৃষ্টিগোচৰ হোৱাৰ পাছতে ছাত্ৰীগৰাকীয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰে। সেই সময়ত নিজৰ পৰিয়ালৰ প্ৰাণৰ ভয়ত মনে মনে আছিল যুৱতীগৰাকী।কিন্ত কিছুদিনৰ পাছতেই একেখন গাঁৱৰ দেৱজিত দাস নামৰ এজন যুৱকে ব্লেকমেইলিং আৰম্ভ কৰে যুৱতীগৰাকীক। ইয়াৰ পাছতে পৰিয়ালৰ লোকৰ সহায়ত আৰক্ষীৰ কাষ চাপে ভুক্তভোগী ছাত্ৰীগৰাকী।ছাত্ৰীগৰাকীয়ে আৰক্ষীক দিয়া বিৱৰণী মতে অচেতন হৈ থকাৰ কাৰণে ঘটনাটোৰ কোনো কথা তেওঁৰ মনত নাই কিন্তু তেওঁ সন্দেহ কৰিছে যে অচেতন হৈ থাকোতে দলৱদ্ধ বলাৎকাৰ কৰি তেতিয়াই তেওঁৰ নগ্ন ফটো তোলা হৈছিল৷আৰক্ষীয়ে ইতিমধ্যে ছাত্ৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ লগতে তেওঁৰ বিবৃতি ৰেকৰ্ড কৰিছে৷ছাত্ৰীগৰাকীৰ এজাহাৰৰ ভিত্তিত বৰবৰুৱা আৰক্ষীয়ে স্বাস্থ্য বিভাগৰ কৰ্মচাৰী পলাতক হৈ থকা পবিত্ৰ হাজৰিকা, সহপাঠী আৰিয়ান দাস আৰু অ’এনজিচিৰ কৰ্মচাৰী দেৱজিত দাসৰ সন্ধান চলাইছে।