ডিব্ৰুগড়ত ডo ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়ত বি বি এ, এল এল বিৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ 

ডিব্ৰুগড়ত ডo ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়ত বি বি এ, এল এল বিৰ পাঠ্যক্ৰমৰ শুভাৰম্ভ 

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ ডo ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়ত পাঁচ বছৰীয়া বি বি এ, এল এল বিৰ পাঠ্যক্ৰম ১৪/৮/২৩ তাৰিখে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডo জিতেন হাজৰিকাই। বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা অনুষ্ঠানটোৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডo হাজৰিকাই ছাত্ৰ-ছাত্ৰী সকলক তেওঁলোকৰ শিক্ষা জীৱনৰ দায়িত্ব আৰু কৰ্তব্যৰ কথা সোঁৱৰাই দিয়ে। ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম হৈছে দেশৰ ভৱিষ্যত বুলি কোৱাৰ লগতে ছাত্ৰ ছাত্ৰী সকলক দেশ নিৰ্মাণৰ বাবে আগুৱাই আহিবলৈও উপাচাৰ্য গৰাকীয়ে সকলোৰে প্ৰতি আহ্বান আহ্বান জনায়। ইয়াৰ পিছতে ডo ৰোহিনী কান্ত বৰুৱা আইন মহাবিদ্যালয়ৰ নিউজ লেটাৰৰ প্ৰথম সংখ্যাৰ প্ৰথম খণ্ডটি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। সভাৰ আৰম্ভণিতে উদ্দেশ্য ব্যাখ্যা কৰে ডo আৰ কে বি আইন মহাবিদ্যালয়ৰ অধ্যক্ষ ডo গৌতমী দত্তই। জ্যেষ্ঠ অধিবক্তা অসীম কুমাৰ দত্ত, মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভপতি ডo প্ৰকাশ বৰুৱা আদি বিশিষ্ট ব্যক্তি সকলে বক্তব্য প্ৰদান কৰা এই অনুষ্ঠানটিৰ আঁত ধৰে মহাবিদ্যালয় খনৰ অধ্যাপক জয়ন্ত বৰুৱাই আৰু শলাগৰ শৰাইৰ পিছতে জাতীয় সংগীতেৰে অনুষ্ঠানটি সামৰণি মৰা হয় l