ডিব্ৰুগড়ত আম আদমী পাৰ্টীৰ কাৰ্যকৰ্তা সন্মিলনত ৰণনীতি প্ৰস্তুত

ডিব্ৰুগড়ত আম আদমী পাৰ্টীৰ কাৰ্যকৰ্তা সন্মিলনত ৰণনীতি প্ৰস্তুত

এম হাছিম আলী,ডিব্ৰুগড়, ৰঙিলী বাৰ্ত্তাসেৱা- আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি দলৰ কৰ্মকৰ্তাসকলক সজাগ আৰু সাংগঠনিক দিশ টনকিয়াল কৰাৰ লক্ষ্যৰে আম আদমী পাৰ্টীৰ (আপ) কাৰ্য্যকৰ্তা সন্মিলন ২৭-২-২৪ স্থানীয় নাট্যমন্দিৰ প্ৰাঙ্গনত অনুষ্ঠিত হয়। বিগত আৰু চলিত শাসনাধীস্থ চৰকাৰখনে ভোটাৰ ৰাইজক কেৱল চুড়ান্ত প্ৰতাৰনা- প্ৰবঞ্চনা হে কৰিলে আৰু কেৱল গাদী দখলৰ স্বাৰ্থত সহজ সৰল লোকক ভোটবেংক হিচাবে ব্যৱহাৰ কৰি নিজৰ অভিষ্ট সিদ্ধিহে কৰিলে বুলি মন্তব্য আগবঢ়ায় ডিব্ৰুগড় লোকসভা সমষ্টিৰ হৈ প্ৰাৰ্থী মনোজ ধানোৱাৰে৷ কাৰ্যকৰ্তা সন্মিলনত দলীয় বিভিন্ন আঁচনি তথা আগন্তুক লোকসভা নিৰ্বাচন সন্দৰ্ভত কৰিবলগীয়া বা লৱলগীয়া এক ৰণনীতি প্ৰস্তুত সন্দৰ্ভত দলীয় কাৰ্যকৰ্তা সকলৰ সৈতে আলোচনা কৰা ধানোৱাৰে আলোচনা কৰে আৰু ১ মাৰ্চৰ পৰা “অসমতো কেজৰিৱাল” অভিযান আৰম্ভ হব বুলিও কয়। এই অভিযানত আপে অৰবিন্দ কেজৰিৱালৰ বাৰ্তা লৈ অসমৰ মানুহৰ ঘৰে ঘৰে যাব, য’ত বাদ নপৰিব এঘৰো মানুহ। ডিব্ৰুগড়ৰ নাট্য মন্দিৰ প্ৰেক্ষাগৃহত সহস্ৰাধিক আম আদমী পাৰ্টীৰ কাৰ্য্যকৰ্তা তথা সদস্য-সদস্যাৰ উপস্থিতিত অনুষ্ঠিত দলীয় সাংগঠনিক সভা খনিত দলটিৰ মুখপাত্ৰ পুনম গগৈ আৰু ডিব্ৰুগড় জিলাৰ সভাপতি দ্বিজেন গগৈৰ উপৰিও বহু গন্য মান্য লোক উপস্থিত থাকে।