ডিব্ৰুগড়তো ভাৰতৰত্ন এ পি জে আব্দুল কালামৰ মৃত্যু দিৱসত স্মৰণ

ডিব্ৰুগড়তো ভাৰতৰত্ন এ পি জে আব্দুল কালামৰ মৃত্যু দিৱসত স্মৰণ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ত চৰকাৰী পেন্সনাৰ সন্থা অসম , ডিব্ৰুগড় শাখাই মহান বিজ্ঞানী , প্ৰাক্তন ৰাষ্ট্ৰপতি, ভাৰতৰত্ন এ পি জে আব্দুল কালামৰ নৱম সংখ্যক মৃত্যু দিৱসত স্মৰণ কৰে।ডিব্ৰুগড়ৰ পেন্সনাৰ সন্থাৰ সম্পাদক মৃদুল শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত প্ৰয়াত ৰাষ্ট্ৰপতি গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন ও বন্তি প্ৰজ্বলন কৰে শাখাৰ সভাপতি ভীম বাহাদুৰ চেত্ৰী আৰু উপসভাপতি দিলীপ দাসে। ডিব্ৰুগড় চৰকাৰী পেন্সনাৰ ভৱনত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপদেষ্টা তৰুণ গগৈ, কোষাধ্যক্ষ বৃকোদৰ দাস, সাংস্কৃতিক সম্পাদক সুবোধ বৰুৱা আদিকে ধৰি সন্থাৰ আজীৱন সদস্য সকল উপস্থিত থাকে ।