ডিফু চহৰত ডেংগুত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি

Pc CDC

ডিফু চহৰত ডেংগুত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা– ডিফু চহৰত ডেংগুত আক্ৰান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগ সচকিত হৈ পৰিছে৷ ছেপ্টেম্বৰ মাহৰ পৰা ডিফু চহৰত ডেংগু ৰোগী চিনাক্ত হৈছিল যদিও কেৱল স্বাস্থ্য বিভাগৰ গাফিলতিৰ বাবেই ডেংগুৱে চহৰখনত এতিয়া মাৰাত্মক ৰূপ ধাৰণ কৰিছে৷ ডেংগুৰ ফলত এতিয়ালৈকে চৰকাৰীভাৱে চাৰিজন লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ কৰিছে যদিও এই সংখ্যা ইয়াৰো অধিক বুলি এটা বিশেষ সূত্ৰই দাবী কৰিছে৷ আনহাতে, শেহতীয়াকৈ চহৰখনত ডেংগুৱে অধিক ভয়াৱহ ৰূপ ধাৰণ কৰাত ৰাষ্টীয় স্বাস্থ্য মিছন সঞ্চালক আই এ এছ ডাঃ এম এছ লক্ষীপ্ৰিয়াই ডিফুলৈ আহি বাহৰ পাতে৷ কালি নিশা মিছন সঞ্চালকগৰাকীয়ে কাৰ্বি আংলং জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ত প্ৰায় ৩ ঘণ্টা ধৰি এখন  উচ্ছস্তৰীয় ৰুদ্ধদ্বাৰ বৈঠকত অংশগ্ৰহণ কৰে৷ এই বৈঠকত জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক বি এছ ৰংপি, ডিফু মেডিকেল কলেজৰ অধ্যক্ষা, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ শীৰ্ষ বিষয়া, ডিফু পৌৰ সভাৰপ্ৰতিনিধিসহ বহু বিষয়া উপস্থিত থাকে৷ নিশা প্ৰায় ১০ বজাত সাংবাদিকসকলৰ সৈতে হোৱা বাৰ্তালাপত মিছন সঞ্চালকগৰাকীয়ে চহৰখনত ডেংগু প্ৰতিৰোধৰ বাবে এই বৈঠকত পৰিকল্পনা যুগুত কৰা বুলি প্ৰকাশ কৰে৷ তেওঁ কয় যে সোমবাৰে পুৱা যুটীয়া সঞ্চালকৰ কাৰ্যালয়ৰ পৰা ডিফু চহৰৰ ১৪টা ৱাৰ্ডৰ বাবে একোজন দণ্ডাধীশ, এগৰাকী চিকিৎসক, ১০ পৰা ৩০গৰাকী নাৰ্ছ, আশা কৰ্মীসহ ৮টা দলে  ঘৰে ঘৰে গৈ কোনোবা ব্যক্তি জ্বৰত আক্ৰান্ত হৈ আছে নেকি তাৰ তদাৰক কৰিব৷