ডিচেম্বৰ মাহত জি-২০ৰ ৰাষ্ট্ৰপতিত্ব গ্ৰহণ কৰিব ভাৰতে

Pc-The Quint

ডিচেম্বৰ মাহত জি-২০ৰ ৰাষ্ট্ৰপতিত্ব গ্ৰহণ কৰিব ভাৰতে

ৰঙিলী বাৰ্ত্তাসেৱা-  এম ই এয়ে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে নিশ্চিত কৰিছে যে ভাৰতে এবছৰৰ বাবে জি-২০ৰ ৰাষ্ট্ৰপতিত্ব গ্ৰহণ কৰিব, ২০২২ চনৰ ১ ডিচেম্বৰৰ পৰা ২০২৩ চনৰ ৩০ নৱেম্বৰলৈকে। বিবৃতিটোত কোৱা হৈছে যে দায়িত্ব লোৱাৰ পিছত ভাৰতে সমগ্ৰ দেশতে ২০০ খনতকৈও অধিক জি-২০ বৈঠক আয়োজন কৰাৰ সম্ভাৱনা আছে। ২০২৩ চনৰ ৯ আৰু ১০ ছেপ্টেম্বৰত দিল্লীত জি-২০ সন্মিলনৰ আয়োজন কৰিব ভাৰতে।