ডিগবৈত উদ্বোধন কৰা হ’ল শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি

ডিগবৈত উদ্বোধন কৰা হ’ল শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি

ৰঙিলী বাৰ্ত্তাসেৱা- শিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি ডিগবৈত উদ্বোধন কৰা হ’ল।জুবিন গাৰ্গে নিজেই প্ৰতিমূৰ্তিটো উন্মোচন কৰিলে। ডিগবৈ ডিব্ৰু নৈ পাৰত নাজিৰাটিং তামুলী পৰ্যটন স্থলীত নিৰ্মাণ কৰা হৈছে জুবিনৰ প্ৰতিমূৰ্তিটো। নিজৰ প্ৰতিমূৰ্তি দেখি আপ্লুত হোৱাৰ লগতে সন্তোষ প্ৰকাশ কৰে জুবিন গাৰ্গে। জুবিন গাৰ্গৰ এই প্ৰতিমূৰ্তিটোৰ উচ্চতা ২০ ফুট। ডিগবৈৰ বিধায়ক সুৰেন ফুকনৰ তৎপৰতাত অসমৰ ভিতৰতেই জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছে। পৰ্যটন উৎসৱৰ দ্বিতীয় দিনা সোমবাৰে প্ৰতিমূৰ্তিটো জুবিন গাৰ্গে নিজ হাতেৰে উন্মোচন কৰে।