ডক্টৰেট উপাধি লাভেৰে সীমান্তবৰ্তী অঞ্চল গেলেকীলৈ গৌৰৱ কঢ়িয়াই আনিছে মানসপ্ৰতীম গগৈয়ে

ডক্টৰেট উপাধি লাভেৰে সীমান্তবৰ্তী অঞ্চল গেলেকীলৈ গৌৰৱ কঢ়িয়াই আনিছে মানসপ্ৰতীম গগৈয়ে

যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা- নাজিৰা মহকুমাৰ সীমান্তবৰ্তী অঞ্চল গেলেকীলৈ প্ৰথম ডক্টৰেট উপাধি লাভেৰে গৌৰৱ কঢ়িয়াই আনিছে মানসপ্ৰতীম গগৈ নামৰ এজন অতি মেধাবী ছাত্ৰই।সীমান্ত অঞ্চলটোৰ ন-পাম বাৰূৱতী গাঁৱৰ প্ৰফুল্ল চন্দ্ৰ গগৈ আৰু মিন্টু মনি গগৈৰ জ্যেষ্ঠ পুত্ৰ মানস প্ৰতীম গগৈয়ে চেন্ট্ৰেল ইউনিভাৰচিটি হায়দৰাবাদৰ স্কুল অৱ কেমেষ্ট্ৰীৰ অধ্যাপক অখিল কুমাৰ চাহুৰ তত্বাবধানত চিনঠেটিক অৰ্গেনিক কেমেষ্ট্ৰীৰ গৰ্বেষণাত জড়িত আছিল।চলিত বৰ্ষৰ আগষ্ট মাহত মানস প্ৰতীম গগৈয়ে হায়দৰাবাদৰ উক্ত ইউনিভাৰ্ছিটৰ পৰা ডক্টৰেট (Ph D)ডিগ্ৰী লাভ কৰি নাজিৰা মহকুমাৰ সীমান্তবৰ্তী উক্ত পিছপৰা অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।তেখেতৰ গৰ্বেষণা পত্ৰৰ বিষয় আছিল “Difunationalization and Thiolative Cyclization of ynamides” বৰ্তমান মানস প্ৰতীম গগৈ নতুন দিল্লীস্থিত আমেৰিকান কেমিকেল ছ’চাইটি নামৰ এটা সংস্থাত Developent Editor হিচাপে কৰ্মৰত হৈ আছে।গেলেকীৰ দৰে এটা সীমান্তবৰ্তী অঞ্চলৰ পৰা গৈ ভাৰতৰ এখন অন্যতম উল্লেখযোগ্য বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰীৰ উচ্চ শিক্ষা লাভ কৰি গেলেকীলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে পিতৄ-মাতৃ ৰ লগতে সমগ্ৰ অঞ্চলটোৰ ৰাইজ গৌৰাম্বিত হৈ পৰিছে।