টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসান

টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসান

ৰঙিলী বাৰ্ত্তাসেৱা-  টোকাৰী গীতৰ সম্ৰাট উমাকান্ত বৈৰাগীৰ দেহাৱসান। আজি পুৱা ৭.১০ বজাত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট শিল্পীগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল উমাকান্ত বৈৰাগী। আজি পুৱা গুৱাহাটীৰ হেঙেৰাবাৰীৰ কাঞ্চন নগৰৰ বাসগৃহত মৃত্যু হয় বৈৰাগীৰ।১৯৪২ চনত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে সৰুৰ পৰাই ককাদেউতাকক দেখি টোকাৰী গীত আৰু দোতোৰাৰ প্ৰতি আকৃষ্ট হৈছিল। সংগীতৰ বাবেই তেওঁ প্ৰত্যাখ্যান কৰিছিল সৈনিকৰ চাকৰি। তেওঁৰ শিল্পী প্ৰতিভাৰ বাবে ১৯৬৯ চনত আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰই নিয়মীয়া শিল্পীৰূপে স্বীকৃতি দিছিল ৷ সংগীত নাটক অকাডেমীৰ বঁটা প্ৰাপক আছিল উমাকান্ত বৈৰাগী।২০১৩-১৪ বৰ্ষত সংগীত নাটক একাডেমী সন্মানেৰে হৈছিল সন্মানিত হৈছিল বিশিষ্ট শিল্পীগৰাকী। লোকসংস্কৃতিৰ সাধকগৰাকীয়ে লাভ কৰিছিল প্রতিমা পাণ্ডে বঁটাও। ড০ ভূপেন হাজৰিকা সংহতি বঁটাও লাভ কৰিছিল উমাকান্ত বৈৰাগীয়ে। ১৯৭১ত ডিব্রুগড় অনাতাঁৰ কেন্দ্রই প্রদান কৰিছিল বৈৰাগী উপাধি।এই মহান শিল্পীগৰাকীৰ মৃত্যুয়ে ৰাজ্যত শোকৰ ছা পেলাইছে ।