টী-২০ বিশ্বকাপত বাংলাদেশক ৫ৰানত পৰাস্ত ভাৰতৰ

Pc Mint

টী-২০ বিশ্বকাপত বাংলাদেশক ৫ৰানত পৰাস্ত ভাৰতৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  টী-২০ বিশ্বকাপৰ আজিৰ খেলখনত ভাৰতে বাংলাদেশক ৫ৰানত পৰাস্ত কৰি গুৰুত্বপূৰ্ণ ২ পইণ্ট অৰ্জন কৰাৰ লগতে গ্ৰুপৰ পইণ্ট তালিকাত শীৰ্ষত উপনীত হৈছে।বৰষুণৰ বাবে বহু সময় ধৰি বন্ধ হৈ আছিল ভাৰত বাংলাদেশৰ মাজৰ টি টুৱেণ্টী বিশ্বকাপৰ এই গুৰুত্বপূৰ্ণ খেলখন। প্ৰথমে বেটিং কৰি ভাৰতে ২০ অভাৰত ১৮৪ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলী আৰু কে এল ৰাহুলে ভাৰতৰ হৈ গুৰুত্বপূৰ্ণ ইনিংছ খেলে। প্ৰত্যুত্তৰত ১৮৫ ৰানৰ লক্ষ্য আগত লৈ বাংলাদেশে বিস্ফোৰক আৰম্ভণি কৰে। দলটোৱে ৭ অভাৰত কোনো উইকেট নেহেৰুৱাকৈ ৬৬ ৰান সংগ্ৰহ কৰা সময়তে বৰষুণ আহে। বৰষুণৰ পিছত খেলখন পুনৰ আৰম্ভ হয়। খেলখন ১৬ অভাৰলৈ হ্ৰাস কৰা হয়। বাংলাদেশৰ সন্মুখত ১৫১ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হয়। কিন্তু বৰষুণৰ পিছতে বেটিং আৰম্ভ কৰি বাংলাদেশে বেটিং বিপৰ্যয়ৰ সন্মুখীন হয় আৰু ইটোৰ পিছত সিটো উইকেট হেৰুৱায়। নিৰ্ধাৰিত ১৬ অভাৰত বাংলাদেশে ১৪৫ ৰানহে কৰিবলৈ সক্ষম হয়।