টি২০ বিশ্বকাপৰ ৱাৰ্মআপ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰত জয়
ৰঙিলী বাৰ্ত্তাসেৱা- তাৰকা বলাৰ মহম্মদ ছামীৰ বলিঙৰ সহায়ত টি২০ বিশ্বকাপৰ ৱাৰ্মআপ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰত জয়ী। প্ৰায় এবছৰৰ পিছত টীম ইণ্ডিয়াৰ হৈ টি২০ মেচ খেলা ছামীয়ে তচনচ কৰিলে অষ্ট্ৰেলিয়াৰ বেটিং লাইন। ছামীৰ সুন্দৰ বলিঙৰ সহায়ত ভাৰতে অষ্ট্ৰেলিয়াক ৬ ৰানত পৰাস্ত কৰে। টীম ইণ্ডিয়াই বান্ধি দিয়া ১৮৭ ৰানৰ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই নিৰ্ধাৰিত ২০ অভাৰত ১৮০ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয়। মহম্মদ ছামীয়ে এক অভাৰত চাৰি ৰান দিন তিনিটা উইকেট দখল কৰে। ভুবনেশ্বৰ কুমাৰে দুটা উইকেট দখল কৰে। আনহাতে, অৰ্শদীপ সিং, হৰ্ষল পেটেল আৰু য়ুজবেন্দ্ৰ চহলে এটাকৈ উইকেট লাভ কৰে।