টকিঅʼ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা ৰবী দহিয়ালৈ ৰাজ্য চৰকাৰৰ ফালৰ পৰা ৪ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ

pc Business Standard

টকিঅʼ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰা ৰবী দহিয়ালৈ ৰাজ্য চৰকাৰৰ পালৰ পৰা৪ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ

অনলাইন বাৰ্ত্তাসেৱা – অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰি ৰূপৰ পদক লাভ কৰা হাৰিয়ানাৰ মল্লযুঁজাৰু ৰবী কুমাৰ দহিয়ালৈ হাৰিয়ানা চৰকাৰে ঘোষণা কৰে পুৰস্কাৰ। দেশক গৌৰৱাম্বিত কৰা ৰবী কুমাৰক হাৰিয়ানা চৰকাৰে প্ৰদান কৰিব প্ৰথম শ্ৰেণীৰ চৰকাৰী চাকৰি। ইয়াৰোপৰি, তেওঁলৈ আগবঢ়াব ৪ কোটি টকাৰ আৰ্থিক পুৰস্কাৰ।আনহাতে, ৰবী কুমাৰৰ গাঁৱত শীঘ্ৰেই হাৰিয়ানা চৰকাৰে নিৰ্মাণ কৰিব ৰেষ্টলিঙৰ এক ইনড’ৰ ষ্টেডিয়াম। ইয়াৰোপৰি ৰবী কুমাৰে হাৰিয়ানাৰ যতেই বিচাৰে ৰাজ্য চৰকাৰে তাতেই তেওঁক ৫০ শতাংশ মূল্যত প্ৰদান কৰিব ভূমি।

(UD.)