টংলা জলসিঞ্চন সংমণ্ডল কাৰ্যালয় বিলুপ্তিক লৈ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

টংলা জলসিঞ্চন সংমণ্ডল কাৰ্যালয় বিলুপ্তিক লৈ টংলা আঞ্চলিক ছাত্ৰ সন্থাৰ অৱস্থান ধৰ্মঘট

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা – “টংলা আঞ্চলিক আছু, এবছু, আৰছু,আক্ৰাছু,আছা,বিভিন্ন দল সংগঠনৰ লগতে বৃহত্তৰ টংলা বাসী ৰাইজৰ উদ্যোগত টংলা জলসিঞ্চন সংমণ্ডলৰ কাৰ্যালয় বিলুপ্তিৰ সন্দৰ্ভত অৱস্থান ধৰ্মঘট আয়োজন কৰাৰ পৰিলক্ষিত হয়। “উল্লেখ্য যে বিটাআৰ চৰকাৰ আৰু চৰকাৰৰ কেবিনেট বৈঠকত ওদালগুৰি জিলা অন্তৰ্গত টংলাস্থিত টংলা জলসিঞ্চন সংমণ্ডল পৰিসৰ ঘটাই টংলা জলসিঞ্চন সংমণ্ডল স্থানান্তৰ কৰি ওদালগুৰি জিলা জলসিঞ্চন সংমণ্ডলৰ পৰিসৰ লগত সাঙোৰাই টংলা জলসিঞ্চন সংমণ্ডল বিলুপ্তি কৰাৰ সিধান্তক আজি টংলা বাসী তথা বিভিন্ন ছাত্ৰ সংগঠনে চৰকাৰৰ সিধান্তক বিৰুধীত আজি টংলা উচ্চতৰ মাধ্যমিক বিধ্যালয়ৰ খেলপথাৰৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰাৰ দেখা যায় । ” তেওঁলোকে কয় যে ওদালগুৰি জিলা টংলা বাসী বাৰে বাৰে বঞ্চিত হ’ব লগিয়া হৈ আছো, অবিভক্ত দৰং জিলাৰ বিভক্ত কৰণত টংলা জিলা হোৱাৰ পৰিৱৰ্তে ওদালগুৰি জিলা হল। টংলা মহকুমা হোৱাৰ পৰিৱৰ্তে আজি ভেৰাগাঁ‌ও মহকুমা হ’ল। সমগ্ৰ ৰাজ্যতে ব্যৱসায় বাণিজ্যত এক সুনাম থকা টংলা চহৰখনক আৰু অধিক উন্নত কৰাৰ পৰিৱৰ্তে পৰিসৰ ঘটাই এটা এটাকৈ চৰকাৰী কাৰ্যালয় বিলুপ্তি কৰণ কৰা কাৰ্যক টংলা স্থিত বিভিন্ন ছাত্ৰ সংগঠনৰ সুন্তষ্ট হোৱা নাই সেয়েহে আজি চৰকাৰী সিধান্তক নস্যাৎ কৰিবলৈ টংলা স্থিত উচ্চতৰ মাধ্যমিক খেলপথাৰৰ প্ৰঙ্গনত বিভিন্ন ছাত্ৰ সংগঠনৰ উদ্যোগত যুতিয়াভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰে চৰকাৰক সুকিয়নী দিয়ে যে এমাহৰ ভিতৰত যদি চৰকাৰে টংলা জলসিঞ্চন সংমণ্ডল কাৰ্যালয় স্থানান্তৰ কৰা সিধান্তক বাতিল নকৰে গণতান্ত্ৰিকভাৱে ছাত্ৰ সংগঠনৰ উদ্যোগত জুংগী আন্দোলন গঢ়ি তুলাৰ সুকিয়নী প্ৰদান কৰে।