টংলাত ওদালগুৰি জিলা চাইল্ড লাইনৰ উদ্যোগত ৭৫ সংখ্যাক স্বাধীনতা দিৱস উদযাপন

টংলাত ওদালগুৰি জিলা চাইল্ড লাইনৰ উদ্যোগত ৭৫ সংখ্যাক স্বাধীনতা দিৱস উদযাপন

বাৰ্ত্তাসেৱা– সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি আজি ওদালগুৰি জিলা চাইল্ড লাইনৰ উদ্যোগত ৭৫ সংখ্যাক স্বাধীনতা দিৱসটি টংলাস্থিত ৰ’জ এন জি অৰ প্ৰাংগণত অনুষ্টুপিয়াকৈ উদযাপন কৰা হয়। চাইল্ড লাইনৰ কর্মী অৰূপ বড়োয়ে আঁত ধৰা অনুষ্ঠানত ৰাতিপুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চাইল্ড লাইনৰ সমন্বয়ক ৰস্মিতা বৰগয়াৰীয়ে আনহাতে পেৰেড পৰিচালনা কৰে চি চি আইৰ কর্মী শ্যামন্ত ৰাভাই।ৰ’জ শিশু গৃহৰ লৰা ছোৱালী লগতে অনুষ্ঠানতোৰ পৰিচালক ললিত বড়ো, সভাপতি যোগেশ বৰা লগতে অঙ্গনাবাদীৰ কর্মী, চি চি আইৰ চুপাৰিয়েণ্ডেণ্ট হীৰামণি ৰাভা, মাডাৰ যাচিন্তা লগুণ, সহকৰ্মী প্ৰণীতা ডেকা, মইনা দৈমাৰীৰ লগতে চাইল্ড লাইনৰ কর্মী অনচুলা মোচাহাৰী, হেমন্ত বড়ো, হিমাক্ষী ৰাভা, ভূমিতা ৰাভাই উপস্থিত থাকে। আনহাতে ৰ’জ শিশু গৃহৰ লৰা ছোৱালীৰ মাজত গীত মাত অনুষ্ঠানও আনুষ্টুপিয়াকৈ অনুষ্ঠিত হয়। সাংস্কৃতিক অনুষ্ঠানৰ আগমুহূৰ্ত চাইল্ড লাইনৰ পৰিচালক ললিত বড়োয়ে স্বাধীনতা দিৱসৰ প্ৰাসংগিকতা আৰু শিশুৰ সুৰক্ষাৰ, জীৱন লক্ষ্য ওপৰত ব্যক্ত প্ৰদান কৰে ।

By অমৰজিৎ ৰাভা