জ্যোতিৰ জ্যোতি — নিতিষ্মান দাস, সপ্তম শ্রেণী

pc-time8

জ্যোতিৰ জ্যোতি

অসমৰ ইতিহাসত কোন আছিল সেইজন,

যিজনে অসমত উপচাইছিল সংগীতৰ মন।

অসমৰ যেন সুৰীয়া মাত লাগিছিল,

কেতিয়াবা দেশ প্ৰেমৰ মন জগাইছিল।

তেওঁৰ নামতে যেন জ্যোতি আছিল,

তেওঁৰ দ্বাৰাই অসমৰ সাহিত্যৰ যেন নাম জিলিকিছিল।

তেঁও অসমীয়াৰ বাবে এটা জিলিকি থকা তাৰকা,

নিশ্চয় তেওঁৰ নাম জ্যোতিপ্ৰসাদ আগৰৱালা।

গছে গছে পাতি দিলে ফুলৰে শৰাই,

এই গানটি শিশু সকলে উলাহেৰে গাই।

লুইতৰ পাৰৰ আমি ডেকা লৰা মৰিবলৈ ভয় নাই,

এই গানটোৱে নিশ্চয় সকলোৰে মনত দেশ প্রেম জগাই।

কাৰেঙৰ লিগিৰী, শোণিত কুঁৱৰী আৰু লভিতাই,

অসমৰ সাহিত্য ভঁৰাল ৰাখিছে জিলিকাই।

সেউজী সেউজী অ সেউজী ধৰণী ধুনীয়া,

এই গানে যেন উপচাই মন  গাঁৱলীয়া।

জয়মতী কুঁৱৰীৰে অসমৰ প্ৰথম ছবি,

স্মৰণীয় নাম যেন ৰূপকোঁৱৰ জ্যোতি।

তেওঁৰ গানৰ প্ৰতীক্ষা কৰিছিল অসমীয়া প্ৰতিজন,

সকলোৰে বাবে স্মৃতি থৈ গল জ্যোতি চিত্ৰাৱন।

তেওঁৰ প্ৰতিটো গানত যেন আছিল প্ৰকাশ হেঙুলীয়া,

এওঁৰ বাবে গর্বিত প্ৰতিজন অসমীয়া।

জানেনে কিয় এইজন হয় অমৰ,

আশাকৰো এওঁৰ দৰে আৰু লোকে লভিব জনম,

অসমী আইৰ হিতৰ হকে কৰিব কৰম৷

কাৰণ এওঁ লিখিছিল গান, পদ্য, গদ্য বিভিন্ন ধৰণৰ।

নিতিষ্মান দাস

সপ্তম শ্রেণী