জ্যামিতি
অসীম জ্যোতি দাস, মৰিগাঁও
জ্যামিতিৰ কিতাপ খন দেখি
পিতাইয়ে কৈছিল ভালকৈ শিকিবি জ্যামিতি,
জীৱনৰ পথ বোৰোতো আঁকিব লাগিব জ্যামিতিৰ চিত্ৰ
কিন্তু !
পিতাইঅ’ তইতো নাজান জ্যামিতি
তথাপি তইচোন মূৰৰ ঘামৰ ৰবৰ টুকুৰাই
জীৱনৰ বক্ৰ ৰেখাবোৰ মচি মচি সৰল কৰি
জীৱন জ্যামিতিৰ সূত্ৰবোৰ সমাধান কৰা মই দেখিছোঁ
গণিতৰ ছাৰে কিন্তু বক্ৰ ৰেখাক সৰল কৰি দেখাব নোৱাৰে ।
অ’ পিতাই,
তই জীৱনৰ পাক লগা জ্যামিতিৰ সূত্ৰ সৰল কৰা মই দেখিছোঁ
তই গণিতৰ ছাৰতকৈয়ো চোকা দেখুন !
অ’ পিতাই তই যে কৈ থাক’ জ্যামিতিৰ কথা
তইয়োটো নাজান জ্যামিতিৰ সূত্ৰ
তথাপি পথাৰত নাঙলৰে আঁকিব পাৰ সৰল কোণ
আৰু
উলিয়াব পাৰ জীৱনৰ কালি আৰু ক্ষেত্ৰফল
নাঙলৰ সিৰলুত উদ্ভৱ কৰিব পাৰ
2π²×H ৰ দৰে নতুন নতুন সূত্ৰ
যি সূত্ৰই সমাধান কৰিব পাৰ জীৱন জ্যামিতিৰ সমস্যা বোৰ
তই গণিতৰ ছাৰতকৈয়ো চোকা অ’ পিতাই
তই গণিতৰ ছাৰতকৈয়ো চোকা.