জীৱন যুদ্ধ – সংগীতা দেৱী

pc shutterstock
জীৱন যুদ্ধ 
সংগীতা দেৱী, যোৰহাট 
মায়াজালৰ আৱেষ্টনিত হেৰাব ধৰিছে জীৱনৰ গতি।
 দুখে শিপাইছে সবত্ৰে।
সময়বোৰো জটিল হৈছে
আপোনত্ব হেৰাইছে!
কলীয়া মেঘৰ উন্মাদনাত
অমানিশা নামিছে!
এয়া কিহৰ আগজাননী?
আৰম্ভ হ’ব নেকি
এখন জীৱন যুদ্ধ
সাজু আছো মই মোৰ সত্ত্বা
যুঁজিম সাহসেৰে
প্ৰত্যুত্তৰ দিম হাঁহিৰে
মেঘ ফালি আগুৱাম সূৰুযৰ কাষলৈ।
অমানিশা দূৰ কৰি সৃষ্টি কৰিম নতুন দিগন্তত।।