জীৱন জীৱন বৰ অনুপম – কল্পনা বৰা

Pc- ST6

জীৱন জীৱন বৰ অনুপম

 কল্পনা বৰা
গোলাঘাট

জীৱনটো সঁচাই বৰ অনন্য নহয়নে? কিমানযে ঘাত-প্ৰতিঘাত পাৰ হৈ জীৱনটো অতিক্ৰম কৰিব লাগে। যিমানেই দুখৰ দিন নাহঁক কিয়; ৰাতিৰ পিছত দিন আহিব এই বুলি নিজক যিদৰে সান্ত্বনা দিওঁ ঠিক তেনেদৰেই বুকুত সহস্ৰ সপোন বান্ধি আশাৰ ৰেঙনি বিচাৰি আগবাঢ়ি যাওঁ, জীৱনৰ কঠিনতম পৰিস্থিতিকো নেওচি নিজৰ লক্ষ্যপথত আগবাঢ়ি যাবলৈ যৎপৰোনাস্তি চেষ্টা কৰোঁ।

হয়তো জীৱনটো এনেকুৱাই। অকল যদি হাঁহি আৰু সুখৰ মাজতেই জীৱনটো অতিবাহিত হয়, তেন্তে জীয়াই থকাৰ মাদকতা লভিম পাৰিম জানো আমি? জীৱনলৈ কঠিন পৰিস্থিতিয়ো অহাতো প্ৰয়োজনীয় বুলি ভাৱোঁ । সময় আৰু পৰিস্থিতিয়ে আমাক বহু কথাই শিকাই যায়, বহুতো অভিজ্ঞতা দি যায়।

কেতিয়াবা অকল আনন্দ আৰু সুখৰ মাজতে থাকি থাকি মানুহ অহংকাৰী হৈ পৰে। নিজৰ অস্তিত্বকে হেৰুৱাই পেলায়। নিজৰ ব্যক্তিগত কাৰণ বা আন কাৰণতেই নহওঁক কিয় , আত্মীয় স্বজন বা আন মানুহৰ সংস্পৰ্শলৈ অহাতো যেতিয়া লাহে লাহে কমি আহে  তেতিয়া যেন আমি আত্মকেন্দ্ৰিক হৈ পৰোঁ। মাথোঁ নিজৰ কথাহে চিন্তা কৰোঁ । কেতিয়াবা সময়েও মানুহক সলনি হʼবলৈ বাধ্য কৰি দিয়ে। প্ৰত্যেকৰে জীৱনত হয়তো এনেকুৱা কিছুমান সময় বা মূহুৰ্ত আছে;যিটো আমি গোটেই জীৱনজুৰিও পাহৰিব নোৱাৰোঁ। পাহৰিব যিমানেই চেষ্টা নকৰোঁ কিয় হৃদয়ৰ এচুকত কিন্তু সেই সময় সদায়েই ৰৈ যায়। সুখৰ ক্ষণবোৰতকৈ অত্যন্ত দুখৰ অৰ্থাৎ যিটো পল অন্তৰখনে হয়তো মানি লʼব নোখোজে তেনেকুৱা ক্ষণবোৰ পাহৰিবলৈ আচলতে বৰ কঠিন বা কেতিয়াবা গোটেই জীৱনতেই মনত ৰৈ যায়; কোনোদিনে মনৰ পৰা মচি দিব নোৱাৰি। সঁচাই , জীৱনটো বৰ জটিল। কিমান  যে মধুৰ ক্ষণ,দুখৰ ক্ষণ অতিবাহিত কৰি জীৱনটো উদ্‌যাপন কৰিব লাগে !

আকৌ কেতিয়াবা দুখৰ মাজত থাকি থাকি সুখ কি অনুভৱ কৰিবলৈও পাহৰি যাওঁ, নিজক হয়তো কেৱল সময়ৰ সোঁততহে এৰি দিওঁ। ভৱিষ্যতৰ বা গন্তব্যস্থানৰো কোনো নিশ্চয়তা নাথাকে। জীৱনটো আচলতে কʼলৈ গতি কৰিছে তাক ভাৱিবলৈও ভয় লগা হয়। জীৱনত বহুতো ব্যক্তিৰ জীৱন কাহিনীয়েও সংগ্ৰামৰ মাজেৰে জীৱনটো আগবঢ়াই নিবলৈ বা নিজ লক্ষ্যৰ পথত উপনীত হʼবলৈ উৎসাহ যোগাই মনত। উদাহৰণস্বৰূপে ড° ৰুবুল মাউতৰ জীৱন কাহিনী পঢ়িলে ভালদৰে উপলদ্ধি কৰিব পাৰি। নিজৰ কৰ্মস্পৃহা আৰু উদ্যম থাকিলে আচলতে নিজৰ লক্ষ্যপথত উৰ্ত্তীণ হোৱাত একোৱেই হেঙাৰ হʼব নোৱাৰে। তাৰ বাবে লাগিব মনৰ অদম্য আগ্ৰহ, সুস্থিৰ চিন্তাধাৰা।

আমি সকলোৱেই জীৱনপ্ৰেমী। সকলোৱে ভালপাওঁ নিজৰ জীৱনটোক। দৌৰি ফুৰোঁ অনবৰতে সপোনৰ পম খেদি। সপোন আৰু আশাৰ কেতিয়াও শেষ নাই। কোনো এক সপোন পূৰণ হোৱাৰ পিছত আন এক সপোনৰ পাছত দৌৰো। সপোনৰ পাছত পম খেদি খেদিয়েই হয়তো জীৱনৰ ৰং বিচাৰি পোৱা যায়।  আমি প্ৰেমৰ পূজাৰী। সকলোকে কেৱল ভালপাবহে জানো নিঃস্বাৰ্থভাৱে। আন এজনৰ উপকাৰ কৰিব নোৱাৰিব পাৰোঁ কিন্তু সদায় তেওঁৰ মঙ্গলটোৱেই কামনা কৰোঁ। সেয়ে চাগে বিচাৰি পোৱা যায় সৰু সৰু কাম বা কাৰোবাৰ অলপ মৰম, ভালপোৱা, আদৰবোৰতেই সুখৰ অনুভূতিবোৰ।

আচলতে উপভোগ কৰিব জানিলে জীৱনটো বৰ মধুৰ। কিন্তু আমি বহুতেই জীৱন কি বুজি নাপাওঁ। কেৱল খাই বৈ জীয়াই থকাটোতেই জীৱনৰ প্ৰকৃত মাধুৰ্য কেতিয়াও বিচাৰি পোৱা নাযায়। জীৱশ্ৰেষ্ঠ মানুহ হিচাপে আমি প্ৰত্যেকেই জীৱনটোত কিবা নহয় কিবা এটা মহত্বপূৰ্ণ কাম কৰি থৈ যোৱা উচিত; যাতে আপোনাৰ জৰিয়তে আন দহজনৰ উপকাৰ সাধন হয়, গৌৰৱেৰে আপোনাৰ নাম লʼব পাৰে। ১৩-২১ বয়সৰ এই সময়ছোৱাক জীৱনৰ এক গুৰুত্বপূৰ্ণ সময় বুলি বিবেচিত কৰা হয়। আচলতে এই সময়ছোৱাত মানুহ কল্পনাপ্ৰিয় হয় ।কল্পনাৰ ৰঙীন জগতখনতহে উটি ভাঁহি ফুৰি‌ সপোন বহুত ৰচে, কিন্তু সেইবোৰ কেৱল ক্ষন্তেকীয়া সুখানুভূতিহে। বাস্তৱিক জগতখনৰ পৰা বহুত দূৰ আঁতৰি যোৱা যায় এই সময়ছোৱাত।

এইছোৱা সময়েই আচলতে নিজক গঢ় দিয়াৰ সময়। যিসকলে নিজক নিয়ন্ত্ৰণ কৰি আগবাঢ়ি যাব পাৰে, তেওঁলোকে ভৱিষ্যতৰ বাট বিচাৰি পায়। কিন্তু বহুতেই নিজৰ ভাৰসাম্যতা হেৰুৱায় পেলাই বাস্তৱৰ পৃথিৱীখনৰ পৰা বহুত দূৰ আঁতৰি আহি মাথোঁ নিজৰ সপোনৰ জগতখনতহে বিচৰণ কৰিব লয় । বহুতো মেধাৱী ছাত্ৰ-ছাত্ৰীও বিপথে যোৱা দেখা যায়। তাৰ মাজতে বহুতেই নিজক বুজি উঠে, নিজক নিয়ন্ত্ৰণ কৰি আগবঢ়াই নিব পাৰে। এই সময়ছোৱাই হৈছে জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়; যি সময়ছোৱাৰ ওপৰত আমাৰ গোটেই জীৱনতো নিৰ্ভৰ কৰি আছে।

জীৱনটো উদ্‌যাপন কৰিব জানিলে বৰ মধুৰ, জীয়াই থাকিয়ে ভাল লাগে যেতিয়া সপোনবোৰৰ পাছত দৌৰোঁ আমি আৰু আমি কৰা কষ্টবোৰে এদিন সাফল্যতাত খোজ পেলায়। কষ্ট বা পৰিশ্ৰমবোৰ সদায় ক্ষন্তেকীয়া, কিন্তু ফলাফলবোৰে আজীৱনৰ বাবে সুখ কঢ়িয়ায়। আমি সেই ক্ষন্তেকীয়া দুখৰ ভাৰকে কঢ়িয়াব নোৱাৰি এৰি দিওঁ আৰু জীৱনটো যেন কাণ্ডাৰীবিহীন এখন নৌকাৰ দৰে গতি কৰে। নিজৰ ওপৰত বিশ্বাস ৰাখি ধীৰে সুস্থিৰে সকলো কাম কৰিলে সকলো কৰ্মই সম্ভৱ হৈ পৰে।
কিন্তু তাৰ বাবে জীৱনটোক ভাল পাব শিকিব লাগিব। জীয়াই থাকি আনন্দ লভিব পাৰিব জানিব লাগিব ।