জীৱন – জটিল নে উজু
ববিতা বৰা
সৰুতে সকলোৱে শুধিছিল,’তোমাৰ জীৱনৰ লক্ষ্য কি? কি হʼবলৈ ইচ্ছা কৰা তুমি?’
সৰু আছিলো।জীৱন সম্পৰ্কে নাছিল একো ধাৰণা।
নতুন কিবা এটা দেখিলে,সেইটোৱেই হʼম বুলি মনত পুহি ৰাখিছিলো।কি চাকৰি কৰিবা বুলি কোনোৱে শুধিলে মোৰ উত্তৰ নাছিল যদিও,চাকৰি সম্পৰ্কে এটাই ভাৱ লৈ আছিলো যে ভালকৈ পঢ়িলেই মই এটা চাকৰি পাম।
এতিয়া ভাৱো, জীৱনৰ লক্ষ্য ৰচনাখনত মই কি লিখা হ’লে উচিত আছিল বাৰু?
‘তোমাৰ জীৱনৰ লক্ষ্য’ৰ ওপৰত প্ৰায়েই ৰচনা লিখিবলৈ আহে পৰীক্ষাত।কোনো বাস্তৱিক জ্ঞান নথকাকৈ আমি প্ৰায়বোৰেই লিখি পেলাওঁ বহু কিবা কিবি,মইও লিখো।
অতীতৰ সেই ৰচনাখনত লিখা জীৱনৰ লক্ষ্যটো যদি বৰ্তমানে ফহিয়াই চাওঁ,হʼব পাৰিছোনে জীৱনৰ লক্ষ্যত সফল?
মইও তেতিয়া ফটাফট উত্তৰ দিছিলো,”মই বৈজ্ঞানিক হʼম”।
কাৰণ বিজ্ঞান বিষয়টো প্ৰিয় আছিল মোৰ লগতে বৈজ্ঞানিক এজনৰ জীৱন প্ৰণালীবোৰো।
তেওঁলোকে হেনো নিজৰ আৱিস্কাৰত ইমানেই গভীৰতালৈ সোমাই পৰে যে পাহৰি পেলাই খোৱা-বোৱা,নিজক,অনান্যক।পিছে,এই প্ৰিয়বোৰত কলি লগাই মই দেখোন বুজি নোপোৱা হৈছিলো প্ৰট’ন,ইলেকট্ৰন বা প্ৰতিবিম্বৰ গঠন, ৰাসায়নিক সমীকৰণবোৰ।আৰু বাদ দিছিলো বৈজ্ঞানিক হোৱাৰ সপোন।অংকত কেচাঁ আছিলো বা এতিয়াও অংক বুলিলে ভয় লাগে সেইবাবে অংক জড়িত বিষয়বোৰৰ পৰা পলাই থাকো মই।
এতিয়া হাহিঁ উঠে জীৱনৰ লক্ষ্যৰ ওপৰত লিখা ৰচনাখন লৈ।
ই মাথো নম্বৰৰ আশাত লিখা এখন ৰচনাৰ বাদে আন একোৱেই নহʼল।
কোৱা হয়, ‘লক্ষ্যহীন জীৱন বঠা নথকা নাৱৰ দৰে।’ সত্য।একেবাৰেই সত্য।
লক্ষ্য থকাটো উচিত কিন্তু লক্ষ্যত উপনীত হ’বলৈ আমি কেনেকৈ কি প্ৰয়াস কৰিছো বা কি বাটে গৈছো সেইটো প্ৰথম কথা।
জীৱন….
তিনিটা বৰ্ণৰ এই চুটি শব্দটোৰ পিছে অৰ্থ
কি যে এটা বিশাল।কত যে বিশাল ইয়াৰ পৰিসৰ।আৰম্ভণি আৰু শেষ কত আৰু কেনেকৈ ধৰিবই নোৱাৰি।
পৰিস্থিতি সাপেক্ষে জীৱনৰ ভিন্ন ৰূপ।পাবলৈ যিমান সহজ, হেৰুৱাবলৈ তেনেই সহজ।
বৰ্তমান আমাৰ দৰে উঠি অহা চামৰ এই জীৱন সম্পৰ্কে বৰ এটা জ্ঞান নাথাকে। কিন্তু আমি নিজকে জীৱনভিজ্ঞ বুলি ভাৱো।নিজকে শুদ্ধ জ্ঞান কৰি একো বাচ-বাচাৰ নকৰাকৈ এনে কিছুমান সিদ্ধান্ত লওঁ যে শেষত অনুতপ্ত হোৱাও পৰিলক্ষিত হয়।
প্ৰতিটো কথাৰ আগত ‘জীৱন’ শব্দটো ব্যৱহাৰ কৰি তেওঁ বিলাকে কোৱা প্ৰায়েই শুনিবলৈ পোৱা যায় যে,”মই জীৱনত এনেকুৱা দুখ কেতিয়াও পোৱা নাই”,
“জীৱনত এনেকুৱা মানুহ লগ পোৱা নাই”,
“জীৱনত এনেকুৱা ভয় খোৱা নাই”!!ইত্যাদি ইত্যাদি।আধা জীৱন পাৰ নৌ হওঁতেই জীৱন শব্দটোৰ এনে ব্যৱহাৰ উপযুক্ত হয় জানো?আৰু দেখিবলৈ বা শুনিবলৈ-শিকিবলৈটো বাকী আছেই।তেনেক্ষেত্ৰত জীৱনৰ যিকোনো এটা পৰিস্থিতি লৈ,গোটেই জীৱনটো আজুৰি কৰা এনে আক্ষেপবোৰ অনুচিত কাৰণ জীৱন শব্দটোৰ ব্যৱহাৰ ইমান ঠেক পৰিসৰৰ নহয়। কিমান যুগ পাৰ কৰাৰৰ পিছত ইয়াৰ ব্যৱহাৰ সঠিক হ’ব বুলি যদি প্ৰশ্ন কৰি চাওঁ তেন্তে মৃত্যুৰ ঠিক আগমূহুৰ্তত হে ‘জীৱনত ইটো নহʼল,সিটো নহʼল..’ইত্যাদি ইত্যাদি জীৱনমূলক ব্যৱহাৰ সঠিক হ’ব।
অৰ্থাৎ মই কʼব খুজিছো যে জীৱনৰ পৰিসৰ বহল যদিও মানুহৰ জীৱন সম্পৰ্কে ধাৰণাটো ঠেক।এই সম্পৰ্কে উচিত ধাৰণাৰ বাবে এজন অভিজ্ঞৰ সহায়ৰ বহু প্ৰয়োজন হয়।জীৱনৰ বাটত বাট বুলিবলৈ অভিজ্ঞতাৰে পুষ্ট এজনৰ উপদেশে আমাক আগবঢ়াত যথেষ্ঠ সহায় কৰে।অভিজ্ঞতা অবিহনে সকলো শূণ্য।
আমি প্ৰত্যেকেই এটা নতুন পুৱাত, এটা নতুন অভিজ্ঞতা লাভ কৰো।এই অভিজ্ঞতায়ে আমাক পূৰ্বৰ ভূলবোৰৰ শুধৰণি কৰাত সহায় কৰে,জটিলতাবোৰ সহজ কৰে।এনে অভিজ্ঞতা লৈ এজন পূৰ্বভিজ্ঞ ব্যক্তিয়ে,সেই একেই পৰিস্থিতিত সোমাই থকা এজন নতুন ব্যক্তিক মাৰ্গ দেখুওৱাব পাৰে।ইয়াত হয়তো বয়সৰ কথা নাহিবও পাৰে।এজন কিশোৰৰ পৰা বৃদ্ধ লৈকে সকলোৰে জীৱন চক্ৰত সন্মুখীন হোৱা পৰিস্থিতিবোৰ বেলেগ,অভিজ্ঞতাবোৰ বেলেগ।এই ভিন্ন অভিজ্ঞতায়ে এজনক আনজনৰ পৰা পৃথক কৰে।
উদাহৰণস্বৰূপে,ধৰি লৈছো এজন বয়স্ক ব্যক্তিৰ আজিলৈকে অনলাইন মিটিঙ কৰাৰ অভিজ্ঞতা নাই।লকডাউনত অফিচৰ গুৰুত্বপূৰ্ণ অনলাইন মিটিঙ এখন আয়োজন হোৱাত তেওঁ হতভম্ব হʼল।কি কৰিব,কেনেকৈ অনলাইন যোগাযোগ হয় তেওঁ নাজানে। তেওঁ, তেওঁৰ পুত্ৰৰ সহায় বিচাৰিলে কাৰণ
তেওঁৰ সপ্তম-অষ্টম শ্ৰেনীৰ পুত্ৰৰ অনলাইন ক্লাছ কৰাৰ অভিজ্ঞতা আছে।গতিকে সি তেওঁক বুজাই দিয়াত তেওঁ সুন্দৰকৈ অফিচৰ মিটিঙখন কৰিলে আৰু ভৱিষ্যতৰ বাবেও শিকি ল’লে।
এই ক্ষেত্ৰত তেওঁক সহায় কৰা অভিজ্ঞ মাৰ্গ দৰ্শকৰ বয়স এঘাৰ কিম্বা বাৰ বছৰ।নহয় নে?
কথাবোৰ তেনেকুৱা।
বিজ্ঞ এজনৰ সহায়ৰ হাত এখনৰ প্ৰয়োজন হয়।কাৰণ জীৱনটো জটিল।যিবোৰ বস্তুৰ মেৰপাকত সোমাই অবাবত ভাল সময়বোৰ নষ্ট নকৰিলেও হয়,তেনেবোৰ মেৰপাকত আমিবোৰ সোমাই থাকি উলাই অহাৰ বাট বিচাৰোতে বহু সময় গুচি যায়।
অন্যবোৰ কথালৈ বাদ দিছো।
লক্ষ্যৰ কথাকে কওঁ। পঢ়া-শুনা সাং কৰাৰ পিছত যুৱ চামৰ কেৰিয়াৰ সম্পৰ্কে বৰকৈ আউল লাগে। লক্ষ্য অভিমুখে যাত্ৰা কৰিবলৈ কোনটো চিৰিৰ পৰা আৰম্ভ কৰিব লাগিব,বহুতে উলিয়াব নাজানে।যাৰ ফলত নিজৰ গন্তব্যস্থানলৈ যাওঁতে যাওঁতে উকলি যায় সময়।
এনে সময়খিনিত এজন অভিজ্ঞৰ পৰামৰ্শৰ যথেষ্ঠ প্ৰয়োজন হয়।এই অভিজ্ঞজন বিচাৰিবলৈও বৰ টান।বহুতে আকৌ স্ব-ইচ্ছাই পৰামৰ্শদানৰ পৰা আতঁৰি থাকে, উদ্দেশ্যে এইটোৱেই যাতে আনজনৰ উন্নতি নহওঁক।সমাজত এনে বহু ঠেক মনৰ ব্যক্তি আছে বা থকা দেখিছোঁ।
উপায় হিচাপে শেষত নিজেই দেখি-শুনি-ঠেকা খাই বাট লোৱাৰ পথহে থাকেগৈ যিটো জৰুৰী যদিও বহু সময়ত ই জটিল।
এনেকুৱা বহু সময়ও আছে,যʼত নেকি মইও এজন অভিজ্ঞ হাত বিচাৰি হাহাকাৰ কৰিছো,সিদ্ধান্ত ল’ব নোৱাৰি,পৰামৰ্শ নাপাই উচ্ পিচাইছো।
অথচ মোৰ সহায় বিচাৰি অহা অন্য এজনক মই মোৰ অভিজ্ঞতাৰ পৰা বা মই জনা সামান্যখিনি বিনাস্বাৰ্থ,বিনাদ্বধ্বাই বিনিময় কৰি সকাহ দিছো বা পাৰ দেখুৱাবলৈ যত্ন কৰিছো বা কৰো।
কোন সময়ত কি পৰিস্থিতি আহে কোনেও নাজানে সেইবাবে নতুন পৰিস্থিতিৰ মেৰপাকত সোমাই ককবকাই থকা এজনক অন্য অভিজ্ঞ এজনে সহায় কৰিব নোৱাৰেনে?
ইমানেই যান্ত্ৰিক নে মানুহবোৰ?
জীৱনত বহু কৰিব লগাকৈ বাকী আছে,সেইবাবেই এজন বিজ্ঞক পৰামৰ্শদাতা হিচাপে কাম্য কৰো যদিও কাকো বিচাৰি পোৱা নাই।সময়ৰ অজুহাততেই হওঁক বা অন্য কিবা ব্যস্ততাত ফালৰি কটা লোক হে বহু পাইছো।
গতিকে মই ভাৱো যে মোৰ সহায়ৰ শৰাপন্ন হোৱা এজনক,অন্তত মই নিৰাশ নকৰো। চেষ্টা ৰাখিম যাতে যিটো জানো,আনেও জানক বা শিকক।
আৰু আপুনি?