জীৱন- ঋত্বিজ

Pc Inc.Magazine

“জীৱন”

এইয়াইটো জীৱন, যত কেতিয়াবা দুখ,
আকৌ কেতিয়াবা সুখ ।
যত কেতিয়াবা হাঁহি,
যত কেতিয়াবা কান্দোন ।
বহু আহিব ঘাট-প্ৰতিঘাত,
বহু আহিব আনন্দ,
সেইয়াইটো জীৱন ।
নিজক হেৰুৱাই নেপেলাই,
আগুৱাই যোৱাটোৱেই জীৱন।
বহু পথ পাবা তোমাৰ এই জীৱনত,
যদি এই পথ কেতিয়াবা তোমাৰ বাবে হব মসৃণ,
আকৌ কেতিয়াবা হব কাঁইটীয়া ।
তথাপিও তুমি আগুৱাব লাগিব,
নিজক নেহেৰুৱাকৈ, আনৰ বাবে আদৰ্শ হোৱাকৈ।
এইয়াইটো জীৱন ।

ঋত্বিজ