জীৱনৰ ৰংগমঞ্চৰ পৰা বিদায় মাগিলে জয়ন্ত দাসে – নাছিৰ আহমেদ

জীৱনৰ ৰংগমঞ্চৰ পৰা বিদায় মাগিলে জয়ন্ত দাসে
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
২০২৩ চনৰ ১৬ ডিচেম্বৰৰ নিশা ৮.৪১ মিনিটত গুৱাহাটীৰ এপ’ল’ হাস্পতালত অসমৰ বিশিষ্ট অভিনেতা জয়ন্ত দাস ওৰফে ৰাজু দাই তেওঁৰ গুণমুগ্ধ অসমবাসীক কন্দুৱাই জীৱনৰ ৰংগমঞ্চৰ পৰা চিৰ বিদায় মাগিলে।”মুকুতা” নামৰ বোলছবিত শিশু শিল্পী হিচাপে অভিনয় জীৱনৰ পাতনি মেলা অভিনেতা গৰাকী এসময়ত কটন কলেজৰ শ্ৰেষ্ঠ ক্ৰিকেটাৰ হিচাপে খ্যাতি অৰ্জন কৰি ৮০ৰ দশকত ন্যায়াধীশ উজ্জ্বল ভূঞাৰ হাতত ধৰি তেওঁ নাট্য জগতত প্ৰৱেশ কৰিছিল।তাৰ পিছত তেওঁ আৰু উভতি চাব লগা হোৱা নাছিল।তেওঁ ক্ৰমান্বয়ে বুকুৰ মাজত জ্বলে জুই, জোন জ্বলে কপালত, নায়ক, মইনা চৰাই মইনা মাত, জোনাকী মন, অদম্য, অধিনায়ক, খেল দ্য গেম, ৰামধেনু, আই ক’ত নাই(মা), শকুন্তলা, শংকৰ যোছেফ আলী, পিতাপুত্ৰ, অজলা ককাই, হলধৰ, প্ৰভাতী পক্ষীৰ গান, মমতাজ, আই মোৰ জনমে জনমে, ৰং, পাহাৰী কন্যা, অগ্নিসাক্ষী, মিঠা মিঠা লগন আৰু তেওঁ পৰিচালনা কৰা ছবি “ভূমিপুত্ৰ” আদিকে ধৰি ৪০ খনৰো অধিক বোলছবিত বিশিষ্ট অভিনেতা জয়ন্ত দাসে খলনায়ক আৰু কমেডি চৰিত্ৰত স্বতঃস্ফূৰ্ত ভাবে অভিনয় কৰি চলচ্চিত্ৰপ্ৰেমী দৰ্শকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল।পুলক গগৈ পৰিচালিত “১৯৮৪ চনৰ ৩১ জুলাইত মুক্তিপ্ৰাপ্ত “সেন্দুৰ” বোলছবিত দুৰ্দান্ত প্ৰতিভা প্ৰদৰ্শন কৰি অসমীয়া বোলছবিত বিশিষ্ট অভিনেতা হিচাপে জয়ন্ত দাসে স্বীকৃতি লাভ কৰে। আকাশ বাণী গুৱাহাটীৰ তেওঁ নিয়মীয়া শিল্পী আছিল। “কমেডি এন্ড ছাউণ্ড” ৰ জৰিয়তে হাস্য অভিনেতা জয়ন্ত দাসে দূৰদৰ্শনৰ ধাৰাবাহিক “পাপু নিকু সংবাদ” ৰ খুহুতীয়া চৰিত্ৰ অতি মনোগ্ৰাহীকৈ অভিনয় কৰি এজন কমেডি নায়ক হিচাপে প্ৰতিষ্ঠা লাভ কৰে।বিশিষ্ট অভিনেতা জয়ন্ত দাসৰ সকলো বোলছবিত অভিনয় প্ৰদৰ্শন কৰা বোলছবিসমূহৰ কথা আমি যদি পাহৰি যাওঁ, তথাপি দূৰদৰ্শনৰ শেহতীয়াকৈ সৃষ্টি কৰা “ভাড়াঘৰ” ধাৰাবাহিকত তেওঁ  হেমন্ত কাকতি” ৰ চৰিত্ৰত এনে স্বকীয় শৈলীৰে হাস্য মধুৰ ৰূপে অভিনয় কৰিছে যে, অসমৰ শিশুৰ পৰা বৃদ্ধলৈকে তেওঁক সকলোৱে আকোঁৱালি লৈছে। তেওঁৰ অভিনয় কলাত যেন বিশ্ব বিখ্যাত ইংলেণ্ডৰ কমেডি অভিনেতা চাৰ্লি চেপলিনৰ অভিনয় -ভঙ্গী প্ৰতিফলিত হৈছে। ৰাজীৱ বৰঠাকুৰৰ দ্বাৰা পৰিচালিত জয়ন্ত দাস অভিনীত সন্ধিয়া ৬ বজাত ৰং চেনেলত চিজন “৩” অৰ্থাৎ ক্ৰমে প্ৰথম, দ্বিতীয় খণ্ড সম্পূৰ্ণ হোৱাৰ পিছতো জনপ্ৰিয়তাৰ শীৰ্ষত উপনীত হৈ তৃতীয় খণ্ডটোও নিয়মীয়াকৈ প্ৰচাৰ হৈ আছে। ভাড়াঘৰৰ মালিকৰ লগত ভাৰাতীয়াসকলৰ নানান কাহিনীৰে ই দৰ্শকক আমোদ দি আছে। কোনো একঘেয়ামী নাই, বিভিন্ন চৰিত্ৰৰ ভিন্নতা তথা অভিনয় শৈলীৰ মাজত অসাদৃশ্যই দৰ্শকক আপ্লুত আৰু আকৰ্ষিত কৰে।ভাড়াঘৰ বিচাৰি অহা ভাৰাতীয়াৰ সৈতে মালিকৰ খুহুতীয়া সংলাপ আৰু কাহিনীৰে “ভাড়াঘৰ” ধাৰাবাহিকখন উপভোগ্য হৈ পৰিছে। জয়ন্ত দাস ওৰফে হেমন্ত কাকতি আৰু দুলাল বেজবৰুৱা ওৰফে কেওঁট চৰিত্ৰ দুটাৰ সংলাপৰ মাজেদি তীক্ষ্ণ বাক্যবান বা কেওঁটৰ চকু চৰহা স্বভাৱে বৰ্তমান সমাজৰ গুৱাহাটী নগৰৰ মধ্যবৃত্ত শ্ৰেণীৰ লোকৰ মাজত নানা দ্বন্দ্ব-সংঘাতক সুন্দৰকৈ প্ৰতিফলিত কৰিছে।ভাৰাঘৰৰ মালিক হিচাপে কাকতিৰ নিজ ভাৰাতীয়াৰ প্ৰতি দায়ৱদ্ধতা বা মালিকৰ ভাৰাতীয়াৰ দুখত দুখী, সুখত সুখী  আদি একো একোটা কাহিনীৰ সংমিশ্ৰণে “ভাড়াঘৰ” ধাৰাবাহিকখন অসমীয়া দূৰৰ্দশনৰ সৰ্বশ্ৰেষ্ঠ ধাৰাবাহিক হিচাপে পৰিগণিত হৈছে। তাৰ মূলতেই হ’ল খলনায়ক আৰু কমেডি চৰিত্ৰত দুৰ্দান্ত প্ৰতিভাৰ অধিকাৰী জয়ন্ত দাসে স্বতঃস্ফূৰ্ত ভাবে অভিনয় কৰাৰ বাবেই এই ধাৰাবাহিকখন সকলোৰে হিয়াৰ আমঠু হৈ পৰিছে। তেওঁ যেন “ভাড়াঘৰ” ধাৰাবাহিকখনত অঙ্কীয়া নাটৰ সূত্ৰধাৰৰ দৰে গোটেই কাহিনীৰ মাজত কেন্দ্ৰীয় চৰিত্ৰ হিচাপে জীৱন্ত ৰূপত যাদুকৰী ক্ষমতা প্ৰয়োগ কৰিছিল।অথচ, অসমীয়া চলচ্চিত্ৰ সমালোচক সকলৰ পৰা বা চৰকাৰী ভাবে বিশিষ্ট অভিনেতা হিচাপে ভালকৈ কোনো স্বীকৃতি নোপোৱাৰ বাবে মৃত্যুৰ আগ মুহূৰ্তত কমেডি অভিনেতা জয়ন্ত দাসে ক্ষোভ আৰু খঙেৰে মন্তব্য কৰিছিল যে মৰাৰ পিছত মোক কোনেও মনত নাৰাখক “হাস্যাত্মক ভঙ্গীত কৈছিল “মৰাৰ পিছত ডাইৰেক্ট শ্মশান”।অসমীয়া বোলছবি, আকাশ বাণী গুৱাহাটীৰ নাটক, দূৰদৰ্শনৰ ধাৰাবাহিক আদি সকলো দিশতে শক্তিশালী অভিনয় দক্ষতাৰে এক সকলোৰে দৃষ্টি আকৰ্ষণ কৰি অসমীয়া অভিনয় জগতত অনৱদ্য দান প্ৰদান কৰা সৰ্ব কালৰ শ্ৰেষ্ঠ কমেডি অভিনেতা জয়ন্ত দাস ওৰফে ৰাজু দাক তেওঁৰ অকাল বিয়োগত শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ।