জীৱনৰ সন্ধিয়া – বাহাৰুল ইছলাম

জীৱনৰ সন্ধিয়া
বাহাৰুল ইছলাম, শিক্ষক, মৰিগাঁও
সিটো পাৰে কোন?
ইটো পাৰে মই, তুমি, আমি
জোন, বেলি, তৰাৰ সমদলৰ স’তে
মায়াভৰা বসুন্ধৰা,
নিৰ্ধাৰিত জীৱনৰ আয়ুস
কাঠচিত বগা আৰু ক’লা ৰঙৰ ঘুণে ধৰিছে
জন্মলগ্নৰে পৰাই,
চুটি হৈছে প্ৰতিনিতে আপোনা-আপুনি
ই নিৰ্ঘাত,ই ধ্ৰুৱসত্য বিশুদ্ধ জলৰাশিৰ দৰে।
এখনি আকৰ্ষণীয় গ্ৰন্থ
জিলমিল জীৱনৰ অধ্যায়ে পৰিপূৰ্ণ
প্ৰতিটো পৃষ্ঠা,
আমনি কৰে কেতিয়াবা
কিছু ব্যতিক্রমী অধ্যায়ে
যাৰ পৰশত লভিছোঁ
জীৱন কিম্বা যৌৱনৰ প্ৰকৃত শিক্ষা।
কিছু চিনাকি বচন
কিছু আলসুৱা সচং
যাৰ পৰশত সূৰুযে মেলানি মাগে
মেঘে গাজে, বিৰহৰ বীণ বাজে
আশা আৰু সপোনৰ কুঁহিপাতবোৰ
কেতিয়াবা গজালি মেলে
আন কেতিয়াবা মৰহি যায়।
প্ৰাপ্তি-অপ্ৰাপ্তিৰ আলিবাটত মিলিত হয়
মিঠা, তিতা, কেহাৰ কিছু তহবিল
নয়নত ভাহিব
সোনোৱালি সপোনৰ পম খেদা ক্ষণ
তয়াময়া খেল হোৱা খেলপথাৰ খনি
সুঁতি হেৰোৱা নৈখনিৰ জলতৰঙ্গৰ অস্থিৰতা।
নিটাল-নিস্তব্ধ দেহা
পৰি ৰ’ব হয়তো
আপোনজনে কৰিব ৰোদন
কেৱে বা কৰিব গুণ-গৰিমা
কেৱে হয়তো ৰচিব অপযশ অল্পায়ু জীৱনৰ।
অন্তিম স্নানাগাৰকো নেওচি সমাগম অনেকৰ
এনেহেন সন্ধিক্ষণত সাজু হ’ব কফিন
ছটিয়াব কতজনে সুগন্ধি আতৰ
কফিন মেৰিয়াই খুলিব চাদৰ
প্ৰশ্ন হ’ব আপোনৰ
সাজন-কাচন কিহৰ?
ক’ত যাব, কিহেৰে নিব?
চাৰি চালকে নিব চলাই মাটিৰ নিলয়
ধন, জন, সোণৰ হ’ব শাশ্বত বিলয়।
দুদিনৰ আলহী ধৰাধামৰ
ৰিপুৰ মেৰপাকত ভ্ৰমিছোঁ ইকাতি-সিকাতি
এটি অস্তিত্বহীন ধুলিকণা
গুচি গ’লেই বা হ’ব কি?
এই অধমৰ আছেই কি?
আনিছিলোই কি, লগত বা নিব কি?
আপোন ধাৰাত চলিব জগত
মচগুল থাকিব সৱে আপোন কৰ্মত
সময়ে বা আছে কাৰ উভতি চোৱাৰ?
চৌদিশে চমৎকাৰ স্বাৰ্থৰ জোৱাৰ।
সমাধিস্থ কৰি সৱে ঘৰাঘৰি হ’ব
ৰঙ্গমঞ্চত কিছুপৰ শোকৰ ছাঁ ব’ব
খন্তেকীয়া জীৱনৰ আমি সৱে পখী
এৰিবই লাগিব যিমানেই হোৱা সুখী।