জীৱনৰ সংজ্ঞা বিচাৰি – সৈতেন্দ্ৰ ৰাভা

Pc Inc Magazine
জীৱনৰ সংজ্ঞা বিচাৰি
সৈতেন্দ্ৰ ৰাভা, গোৱালপাৰা, কৃষ্ণাই
সংসাৰৰ দায়িত্ববোৰো আচলতে মমবাতিৰ দৰে
মমবাতিয়ে যেনেদৰে জ্বলি-জ্বলি
এসময়ত নিজেই নিঃশেষ হয়
অথচ ……….
পোহৰ বিলায় দিয়ে আনক ………!
সংসাৰৰ গধুৰ দায়িত্বত অজান কামসমূহো হয় চিনাকি
দুখ-কষ্টৰ মাজেৰে ধৈর্য আৰু সাহসেৰে
অসাধ্য কামতো হয় সফল
লাগে মাথোঁ মনৰ একাগ্ৰতা
দায়িত্ববোধ হৈছে জীৱনৰ সাৰ্থকতা ……..!
একান্তমনে দায়িত্বৰ চাকনৈয়াত বহি দেখে
ৰঙা, নীলা পখিলাৰ নাচোন
নাচোন দেখি শীতল হয় বিষাদভৰা তপ্ত কলিজা
কাৰণ ………
দুখৰ বোজা পিঠিত যদিওবা
সন্তানৰ মুখত হাঁহি বিৰিঙিলেই সুখী …….. !
ক্ষন্তেকীয়া জীৱনকলৈ নাই দৰ্প অহংকাৰ
এই জগতত কোনেওঁ নহয় চিৰস্থায়ী
স্মৃতিৰ চোতালত ভাষাহীন মৌনতা
অবুজ বিষাদ নিস্তব্ধ নিশা ……….!
মাটিৰ দেহা মাটিতেই মিলিব
অৰ্জা সকলোখিনি ইয়াতেই এৰিব লাগিব
গুণেৰে অৰ্জা সম্পত্তিয়ে হৈছে সঁচা
ঐশ্বৰ্য-বিভূতি সকলোবোৰ মিছা ………. !!