জীৱনৰ পাটিগণিত- প্ৰসেনজিৎ গোস্বামী

Pc- Nurses.co.uk

জীৱনৰ পাটিগণিত

প্ৰসেনজিৎ গোস্বামী

ৰাতিখন ডায়েৰী পাতত লিখিবলৈ দিনটোৰ খচৰা,

হিচাপ নিকাছ বহুত ওলাল।

তাৰে মাজত অভিজ্ঞতা এটা দিনৰ যোগ হ’ল,

আৰু বিয়োগত আয়ুসৰ এটা দিন লিখি থলো

বাকীৰ ফালে দেখোন ওজনটো বাঢ়ি গৈ আছে।

নগদ বুলিবলৈ উশাহ নিশাহ গনিছোঁ মাথো।

আউল লগা হিচাপত বহি নিশাটো

প্ৰায়ে শেষ হওঁ হওঁ।

শুইয়ে দিও

কিজানি মিলাব পাৰো সপোনত

জীৱনৰ পাটিগণিত।