জীৱনৰ কাইটৰ আঁচোৰ
যমুনা দুলু বৈশ্য, শুৱালকুছি
দুহিতাৰে আগবাঢ়ো প্ৰতিদিনে
আপোনজনক পোৱাৰ
আকাশ কুসুম সাগৰৰ উৰ্মি উচ্চতা ।
বুকুৰ ঢপঢপনিৰে বিষাদৰ
ভাৱনাৰ ছাঁ হৈ ভাগৰুৱা অনুভৱৰে
সময় স’তে নচুৱাই ।
শুন্যতে ওলমি দুৰন্ত চৰাইৰ দৰে
উৰি থাকে ভাগ্যলিপি ভাৰাক্ৰান্ত
মনত পোহৰৰ ঠিকনা বিচাৰি ।
জীৱনৰ কাইটৰ আঁচোৰে
চকুৰ পানী চকুতে শুকায়
মানৱতাৰ পৰিচয়ৰে আলিংগনৰ স্বপ্ন ।