” জীনা ” – হিমাদ্ৰী বৰকটকী

pc-shutterstock

” জীনা “

হিমাদ্ৰী বৰকটকী, নগাঁও

ৰাতিপুৱাই মোবাইল ফোনটো বাজি উঠিল। তাই উচপ খায় উঠিল। কাৰোবাৰ কিবা হ’ল নেকি ? তাই একেচাতে বিছনাৰ পৰা উঠিলে। হাতত মোবাইলটো লৈ চাই দেখে মাকৰ ফোন। তাই ফোন কলটো লগে লগে ধৰিলে । মাকে সিফালৰ পৰা কৈছে দেউতাৰৰ গা বেয়া। তই সোনকালে আহ। তাই লৰালৰিকৈ মুখ হাত ধুই ৰেডী হʼল ঘৰলৈ যাবলৈ। জীনা তাইৰ নাম। তাইৰ ঘৰ নলবাৰীত । তাই গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত M.A পঢ়ি আছে। তাই বিশ্ববিদ্যালয়ৰ hostel অতে থাকে। তাইৰ ঘৰখনৰ অবস্থা বৰ ভাল নহয়। তাই পঢ়াত ভাল । সেইকাৰণে দেউতাকে বহুত কষ্ট কৰি খেতি বাতি কৰি পঢ়োৱাইছে তাইক। মাকেও গাঁৱত সা- সকাম হ’লে মানুহৰ ঘৰত কাম কৰি দুই এপইচা পায়। তেনেকৈয়ে তাইৰ পঢ়াৰ খৰছটো উলিয়াইছে মাক বাপেকহালে। কেইঘন্টামানৰ ভিতৰতে জিনা গৈ ঘৰ পালেগৈ। তাই গৈ দেখিছে দেউতাকে ঘন ঘনকৈ উশাহ লৈ আছে। তাই কি কৰিব কলৈ নিব একো উৱাদি পোৱা নাই।তাই লৰালৰিকৈ এম্বুলেন্স এখন মাতি দেউতাকক hospital এখনলৈ লৈ গ’ল । তাত ততাতৈয়াকৈ চিকিৎসা আৰম্ভ কৰিলে। দুই তিনি দিনৰ পিছত দেউতাক সুস্থ হৈ উঠিল । দুদিন মান hospitalঅত থকাৰ পিছত ডক্টৰে ঘৰলৈ যাবলৈ দিলে। তাই সেইকেইদিন দেউতাকৰ লগত ছাঁটোৰ দৰে লাগি থাকিল। দুমাহ‌ মানৰ পিছত তাইৰ final পৰীক্ষা। তাই hostelঅলৈ গ’ল। উপায়টো নাই । তাই হ’ল ঘৰৰ একমাত্ৰ সন্তান। চব পিনে তাই চাব লাগে। তাইৰ পৰীক্ষা ভালে ভালে হৈ গ’ল। অলপ দিনৰ পিছত result দিলে। তাই first class first হৈছে English অত। ঘৰত মাক দেউতাকৰ আনন্দৰ ঠাই নাই। সকলোৱে খবৰ লবলৈ আহিছে । মিঠাই লৈ আহিছে। ইমান ভাল result সেই অঞ্চলত এতিয়ালৈকে কোনেও কৰা নাই। তাইক তাই পঢ়া বিদ্যালয়, কলেজ , ক্লাবত সকলোৱে সম্বৰ্ধনা জনাইছে। তাইক লৈ আজি মাক দেউতাক সঁচাই গৌৰৱান্বিত। অলপ দিনৰ ভিতৰতে তাই কলেজ এখনত চাকৰি পালে। তাই মনতে ভাবিছে অন্ততঃ মাক দেউতাক জীয়াই থকা দিন কিটা কষ্টত থাকিব নালাগে। মাক দেউতাকৰ এষাৰ কথা এতিয়াও মনত আছে তাইৰ(জীনাৰ)জন্মৰ পিছত ওচৰ চুবুৰীয়াই কৈছিল – মুহিধৰ তোৰ ছোৱালীহে হ’ল। ল’ৰা পোনা এটাৰ মুখ নেদেখিলি । কিন্তু আজি সেই ওচৰ চুবুৰীয়াৰ ল’ৰা বোৰ হ’ল মস্ত মদপী। মাক দেউতাকৰ সুখ নাই। গতিকে আমি সমাজখনে কন্যা সন্তানক কেতিয়াও অবগ্যা কৰিব নালাগে। আজি কালি কন্যা সন্তানেহে মাক দেউতাকক বেছিকৈ চোৱা চিতা কৰে। এজন পুত্ৰতকৈ কম গুনে নহয় এগৰাকী কন্যা সন্তান। কবলৈ বেয়া শুনিলেওঁ। বৰঞ্চ কন্যা সন্তান জন্ম হ’লে আমি আনন্দহে কৰিব লাগে। গতিকে নাৰীক সন্মান কৰাটো আমাৰ প্ৰধান কাম্য ।