জালুকবাৰী
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
ৰুদ্ধ সময়ে সপোনৰ বননিত
মিতিৰালি কৰে,
একা-বেকা জীৱনৰ পদূলিত
মৰহা পাপৰিৰ সুবাস বিচাৰি
খোজে প্রতি উজুটি খাই
লুইতৰ সোনোৱালী বালিত
হেঁপাহৰ এটি বালিঘৰ সজাৰ…
সেউজীয়া মোৰ সপোনৰ নগৰ
তেজ বালি ধূলিকণা আৰু কামনাৰ বৰষুণ
আইয়ে ডাঙৰি কৰি দিয়া আশাবোৰ
কিজানি এইবাৰ সেন্দুৰীয়া বেলিৰ
হেঙুলী ৰহনত,
ৰঙা-নীলা- হালধীয়া হৈ পুষ্পিত হ’ব
কৃষ্ণচূড়াৰ নিচাত, জালুকবাৰীত।
চন্দ্ৰজ্যোতিৰ ৰেঙনিত
উদয়মান গুৱাহাটী বিশ্ববিদ্যালয়
মুখৰিত কৰে আকাশ বতাহ,
শুষ্ক হৃদয়ৰ কঠিন শিলা খণ্ডত
সুধাকণ্ঠৰ স্মৃতিস্তম্ভ
কলমৰ শক্তিৰে দেশ-বিদেশ একাকাৰ কৰা
ইন্দিৰা মন্দাকিনীৰ সেই সংগমস্থলী,
গুৱাহাটী বিশ্ববিদলয়, জালুকবাৰী।
তমঃনাশি জ্যোতিস্মান কৰা
ভাষা সাহিত্যৰ অতীত- বৰ্তমান-ভবিষ্যত
মিচিকিয়াই হঁহা সেউজীয়া ঘাঁহনিৰ দলিচাত
কত পদ্মশ্রী, জ্ঞানপীঠ, পদ্মবিভূষণ বঁটাৰে বিভূষিত
কত মনীষিৰ মহামিলনৰ তীৰ্থভূমি
জালুকবাৰী ।
সময়ৰ দোদুল্যমানত ভুল-শুধৰনি কৰি
দুচকুত ফুলি ৰোৱা সপোনবোৰ
বাস্তাৱায়িত কৰিবলৈ
পবিত্ৰ মনমোহা ৰহস্যময় নগৰীলৈ
ধাৱমান এই অনভিজ্ঞৰ হৃদয়…।