জাপানৰ চ্যুকুৰু মানাৱে, জাৰ্মানীৰ ক্লজ হাছেলমেন আৰু ইটালীৰ জিঅ’ৰজিঅ’ পাৰিছিলৈ ২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা

pc Jagran Josh

জাপানৰ চ্যুকুৰু মানাৱে, জাৰ্মানীৰ ক্লজ হাছেলমেন আৰু ইটালীৰ জিঅ’ৰজিঅ’ পাৰিছিলৈ ২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা

অনলাইন বাৰ্ত্তাসেৱা – জাপানৰ চ্যুকুৰু মানাৱে, জাৰ্মানীৰ ক্লজ হাছেলমেন আৰু ইটালীৰ জিঅ’ৰজিঅ’ পাৰিছিলৈ ২০২১ বৰ্ষৰ পদাৰ্থ বিজ্ঞানৰ ন’বেল বঁটা আগবঢ়োৱা হৈছে। পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেল, পৰিৱৰ্তনশীলতাৰ মাত্রা নিৰ্ধাৰণ আৰু গোলকীয় উষ্ণতাৰ আগজাননী সঠিকভাৱে প্ৰদানৰ মডেল আৱিষ্কাৰৰ বাবে আগবঢ়োৱা হৈছে এই বঁটা। ন’বেল বঁটাৰ মূল্য দুভাগ কৰি এভাগ জাপানৰ ৯০ বছৰীয়া চ্যুকুক মানাৱে আৰু জাৰ্মানীৰ ক্লজ হাছেলমেনক প্ৰদান কৰাৰ বিপৰীতে এটি ভাগ ইটালীৰ ৭৩ বছৰীয়া জিঅ’ৰজিতা’ পাৰিছিলৈ আগবঢ়োৱা হৈছে। মানাৱে আৰু হাছেলমেনে পৃথিৱীৰ জলবায়ুৰ ভৌতিক মডেল, পৰিৱৰ্তনশীলতাৰ মাত্ৰা নিৰ্ধাৰণ কৰা আৰু গোলকীয় উষ্ণতাৰ আগজাননী সঠিকভাৱে প্রদান কৰাৰ মডেল আৱিষ্কাৰৰ বাবে ন’বেল বঁটাটো লাভ কৰাৰ বিপৰীতে পাৰিছিয়ে পৰমাণুৰ পৰা গ্ৰহলৈকে ভৌতিক প্ৰণালীৰ বিসংগতি আৰু উত্থান-পতনৰ পৰস্পৰ ক্ৰিয়া আৱিষ্কাৰৰ বাবে এই বঁটাটো লাভ কৰে।