জাগীৰোডত নিশা ভয়ংকৰ অগ্নিকাণ্ড

Pc Istock

জাগীৰোডত নিশা ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  জাগীৰোডত নিশা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। নিশা প্ৰায় ২ বজাত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা। অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৯খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান। নিমিষতে জুইৰ লেলিহান শিখাই আৱৰি ধৰে সমগ্ৰ অঞ্চল। বিস্ফোৰিত হয় ৩টাকৈ ৰন্ধন গেছৰ চিলিণ্ডাৰ। কথমপি প্ৰাণৰক্ষা পৰে এটা পৰিয়ালৰ। অগ্নিনিৰ্বাপক বাহিনীৰ ৬খনকৈ গাড়ীৰ সহায়ত নিৰ্বাপন কৰা হয় জুই। প্ৰায় ৪ ঘণ্টাৰ পিছতহে জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় অগ্নিনিৰ্বাপক বাহিনীয়ে। অগ্নিকাণ্ডৰ সূত্ৰপাত কিহৰ পৰা হ’ল সেয়া পোহৰলৈ অহা নাই।