জাকতজিলিকাকৈ গঢ়ি তোলা হ’ব ৰাজ্যৰ প্ৰতিখন হাইস্কুল

Pc The Sentinel Assam

জাকতজিলিকাকৈ গঢ়ি তোলা হ’ব ৰাজ্যৰ প্ৰতিখন হাইস্কুল

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্যৰ শিক্ষা ব্যৱস্থাক লৈ দিল্লীৰ মুখ্যমন্ত্ৰীৰ সৈতে টুইটাৰ যুদ্ধৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এক গুৰুত্বপূৰ্ণ ঘোষণা।ৰাজ্যৰ হাইস্কুলসমূহৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ১০ হাজাৰ কোটি টকা ব্যয় কৰিব ৰাজ্য চৰকাৰে।জাকতজিলিকাকৈ গঢ়ি তোলা হ’ব ৰাজ্যৰ প্ৰতিখন হাইস্কুল।এই সন্দৰ্ভত শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে,’ব্যক্তিগত খণ্ডৰ বিদ্যালয়তকৈও অসমৰ চৰকাৰী বিদ্যালয়সমূহ সৰ্বাংগসুন্দৰ হ’ব।আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে অসমৰ চৰকাৰী বিদ্যালয়সমূহ ডনবস্ক’, ছেইণ্ট মেৰিজতকৈও আকর্ষণীয় কৰি গঢ়ি তোলা হ’ব।আমি ইতিমধ্যে ১০০খন নতুন বিদ্যালয় চাহ বাগিচাত স্থাপন কৰিছোঁ আৰু ১০০খন বিদ্যালয় স্থাপন কৰিম।’