জল-জীৱন মিছনৰ অধীনত ৰাজ্যত ১৫ লাখ ৭৪ হাজাৰতকৈও অধিক পৰিয়াললৈ খোৱা পানীৰ সংযোগ

Pc- The sentinel assam

জল-জীৱন মিছনৰ অধীনত ৰাজ্যত ১৫ লাখ ৭৪ হাজাৰতকৈও অধিক পৰিয়াললৈ খোৱা পানীৰ সংযোগ

ৰঙিলী বাৰ্ত্তাসেৱা- জল-জীৱন মিছনৰ অধীনত ৰাজ্যত এতিয়ালৈকে ১৫ লাখ ৭৪ হাজাৰতকৈও অধিক পৰিয়াললৈ নলেৰে খোৱা পানীৰ সংযোগ দিয়াৰ ব্যৱস্থা কৰা হৈছে। এই মিছনৰ অধীনত মুঠ ৬৩ লাখ ৩৫ হাজাৰতকৈও অধিক পৰিয়াললৈ খোৱা পানী সংযোগ দিয়াৰ লক্ষ্য স্থিৰ কৰা হৈছে। উল্লেখযোগ্য যে আর্থ সামাজিক সমস্যাৰ সৈতে মোকাবিলা কৰা দেশৰ আগশাৰীৰ বৌদ্ধিক চিন্তা-চৰ্চাৰ বিশেষজ্ঞা সংস্থা স্কটছে অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ জল জীৱন মিছনক সোণৰ পদক আগবঢ়াইছে। বিভাগীয় মন্ত্রী ৰঞ্জিত কুমাৰ দাসে এই বিষয়ে প্ৰকাশ কৰি এই সফলতাৰ বাবে মিছনৰ সৈতে জড়িত সকলোকে আন্তৰিক অভিনন্দন জনাইছে। ইফালে, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বঙাইগাঁও সংমণ্ডলে নিজৰ অধীনত থকা ১৪২ টা খোৱা পানী যোগানৰ পুৰণি ব্যৱস্থা পুনৰ কাৰ্যক্ষম কৰাৰ পৰিকল্পনা কৰিছে। নতুন ছটা পানী যোগান আঁচনিৰ স্থাপন কৰাৰ লগতে চাহ বাগানত চাৰিটা ক্ষুদ্ৰ পানী যোগান আঁচনি মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ কথাও সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তাই প্ৰকাশ কৰিছে। চলিত বৰ্ষত মুঠ ৩০ হাজাৰ ৬৩০ঘৰত সংমণ্ডলে জল জীৱন মিছনৰ অধীনত খোৱাপানী যোগান ধৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।