জম্মু-কাশ্মীৰত গ্ৰেনেড আক্ৰমণত উত্তৰ প্ৰদেশৰ ২ জন শ্ৰমিক নিহত

Pc Hindustan Times

জম্মু-কাশ্মীৰত গ্ৰেনেড আক্ৰমণত উত্তৰ প্ৰদেশৰ ২ জন শ্ৰমিক নিহত

ৰঙিলী বাৰ্ত্তাসেৱা-  জম্মু-কাশ্মীৰৰ শ্বপিয়ানত সন্ত্ৰাসবাদীয়ে হেণ্ড গ্ৰেনেড নিক্ষেপ কৰাৰ ফলত উত্তৰ প্ৰদেশৰ দুজন শ্ৰমিক নিহত হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।আৰক্ষীয়ে লগতে জনোৱা মতে, নিহত মনিষ কুমাৰ আৰু ৰামসাগৰক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় আৰু তাতে তেওঁলোকৰ আঘাতৰ বাবে মৃত্যু হয়। আৰক্ষীয়ে লগতে কয় যে  গ্ৰেনেডটো নিক্ষেপ কৰা লস্কৰ-ই-তৈবাৰ সৈতে সম্পৰ্কিত এজন হাইব্ৰিড সন্ত্ৰাসবাদীক গ্ৰেপ্তাৰ কৰা হৈছে।