জম্মু আৰু শ্রীনগৰত অহা দুবছৰৰ ভিতৰত মেট্ৰ ৰে’ল সেৱা আৰম্ভঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ

pc- India Tv News

জম্মু আৰু শ্রীনগৰত অহা দুবছৰৰ ভিতৰত মেট্ৰ ৰে’ল সেৱা আৰম্ভঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ 

ৰঙিলী বাৰ্ত্তাসেৱা-  কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি কেন্দ্রীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ তিনিদিনীয়া ভ্ৰমণ সূচীৰ অন্তিম দিনা মধ্যকাশ্মীৰৰ গান্দেৰবলত থকা ক্ষীৰ ভৱানী মন্দিৰত ৰাগণ্যা দেৱীক পূজা অর্চনা কৰে।  ইয়াৰ পূর্বে জম্মুৰ ভগৱতী নগৰত এখন জনসমাবেশক সম্বোধি দিয়া ভাষণত তেওঁ কয় যে, জম্মু আৰু শ্রীনগৰত অহা দুবছৰৰ ভিতৰত মেট্ৰ ৰে’ল সেৱা আৰম্ভ হ’ব। শ্রীশ্বাহে জন্মৰ জনসাধাৰণৰ সৈতে হোৱা অন্যায়ৰ যুগৰ সমাপ্ত হোৱা বুলি উল্লেখ কৰি কয় যে, জম্মু-কাশ্মীৰ আৰম্ভ হোৱা বিকাশত এতিয়া কোনেও বাধা আৰোপ কৰিব নোৱাৰিব। জম্মু-কাশ্মীৰৰ প্ৰতিখন জিলাত হেলিকপটাৰ সেৱা আৰম্ভ কৰা হ’ব আৰু জম্মু বিমান বন্দৰৰ পৰিসৰো বৃদ্ধি কৰা হ’ব বুলি তেওঁ কয়। জম্মু-কাশ্মীৰৰ উপৰাজ্য পাল মনোজ সিনহা আৰু কেন্দ্রীয় মন্ত্রী জীতেন্দ্র সিঙব সৈতে শ্রীশ্বাহে দিগিয়ানা গুৰুদ্বাৰো পৰিদৰ্শন কৰে। গৃহমন্ত্ৰীগৰাকীয়ে আজি শ্রীনগৰৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্ঘাটন কৰাৰ লগতে আধাৰ শিলাও স্থাপন কৰিব। ২০১৯ চনত সংবিধানৰ ৩৭০ নম্বৰ দফা বাতিলব পিছত শ্রীশ্বাহে প্রথমবাৰৰ বাবে তিনিদিনীয়া কাৰ্যসূচীৰে অঞ্চলটো ভ্ৰমণ কৰিছে। উল্লেখযোগ্য যে জম্মু-কাশ্মীৰত যোৱা কেইটামান সপ্তাহত সন্ত্রাসবাদীৰ দ্বাৰা কেইবাগৰাকীও অসামৰিক লোকৰ হত্যাব ঘটনাই স্থানীয় বাইজৰ লগতে দেশৰ বিভন্ন প্ৰান্তৰ পৰা অহা শ্রমিক আৰু পর্যটকসকলৰ মাজত শংকা বৃদ্ধি কৰাৰ সময়তে গৃহমন্ত্রী অমিত শ্বাহে কেন্দ্রীয় শাসিত অঞ্চলটো ভ্ৰমণ কৰিছে।