অণুগল্প
জন্মদিন
ৰশ্মি ৰেখা দুৱৰা
ডিব্ৰুগড়
দুখ নকৰিবি।এনেকৈয়ে সুখী হওঁ মাজনী।আমাৰ দৰে মানুহৰ বাবে সৰু সৰু মুহূৰ্তবোৰেই সুখ।মায়ে ৰন্ধা পায়সখিনি বৰ তৃপ্তিৰ আছিল।উৰ্মিহঁতে খাই সোৱাদ পাই শলাগি গৈছে।দেউতাকৰ কান্ধত মাজনীয়ে মূৰটো গুজি জন্মদিনত কেক্ কটাৰ আশা পাহৰিয়ে পেলালে।