জনস্বাৰ্থ বিৰোধী বিদ্যুৎ বিল বাতিল-বিদ্যুতৰ মাচুল হ্ৰাসৰ দাবীত এছইউচিআইৰ প্ৰতিবাদ

জনস্বাৰ্থ বিৰোধী বিদ্যুৎ বিল বাতিল-বিদ্যুতৰ মাচুল হ্ৰাসৰ দাবীত এছইউচিআইৰ প্ৰতিবাদ

ৰঙিলী বাৰ্ত্তাসেৱা-  জনস্বাৰ্থ বিৰোধী বিদ্যুৎ আইন ২০০৩, তাৰ সংশোধনী বিদ্যুৎ বিল ২০২১ বাতিল আৰু বিদ্যুতৰ মাচুল হ্ৰাসৰ দাবীত বৃহস্পতিবাৰে এছ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটীৰ আহ্বানত গুৱাহাটীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত প্ৰতিবাদ সাব্যস্ত কৰা হয়৷ এই উপলক্ষে দলৰ ভালেসংখ্যক কৰ্মী পানবজাৰস্থিত উৰণ সেতঁৰ সমীপত সমবেত হয় আৰু বিদ্যুৎ২০০৩  আইন প্ৰত‍্যাহাৰ কৰক ,বিদ্যুৎ (সংশোধনী)বিল ২০২১বিল বাতিল কৰক ,বিদ্যুৎ পৰিষদক ব্যক্তিগতকৰণ কৰা নচলিব,বিদ্যুতক যৌথ তালিকাৰ সংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰা নচলিব , বিদ্যুতক অতি কেন্দ্ৰীকৰণ কৰা বন্ধ কৰক ,ইলেকট্ৰিচিটি কন্ট্ৰাক্ট এনফোৰ্চমেন্ট অথৰিটি গঠণ কৰা নচলিব ,মাচুল সমান কৰাৰ নামত ক্ৰচ ছাবচিডি তুলি দিয়া নচলিব ,প্ৰিপেইড মিটাৰ লগোৱা বন্ধ কৰক , কৃষি আৰু ঘৰুৱা ব্যৱহাৰত ২০০ ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগান ধৰক , প্ৰচলিত ছোলাৰ বিদ্যুৎ উৎপাদন আৰু ব্যৱহাৰত সাধাৰণ গ্ৰাহকক বাধা নিষেধ কৰা নচলিব আদি শ্লোগান সম্বলিত বেনাৰ, ফেষ্টুন, প্লেকাৰ্ড লৈ  এ টি ৰোড হৈ বিজুলী ভৱনত উপস্থিত হয় আৰু বিজুলী ভৱন চৌহদ উত্তাল কৰি তোলে ।বিক্ষোভৰ অন্তত আসাম পাৱাৰ ডিচট্ৰিবিউচন কোম্পানী লিমিটেডৰ চেয়াৰমেনৰ  জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ৭ দফীয়া দাবী সম্বলিত এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়৷প্ৰতিবাদৰ অন্তত  তাতেই এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।দলৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক কমৰেড চন্দ্ৰলেখা দাস স্বাক্ষৰিত স্মাৰক পত্ৰত একচেটিয়া পু্ঁজিপতিৰ স্বাৰ্থত প্ৰণয়ন কৰা জনবিৰোধী  বিদ্যুৎ সংশোধনী বিল সংসদৰ অধিৱেশনত উপস্থাপনৰ পৰা বিৰত থাকিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায়৷