জনসেৱা–সঁচা মানুহ বিচাৰি’ৰ ঢোল বাদন- বিহু নাচৰ কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ফটাশিল-গড়চুক অঞ্চলৰ স্বেচ্ছাসেৱী সংস্হা জনসেৱা–সঁচা মানুহ বিচাৰি’ৰ উদ্যোগত ৩- ৯ এপ্ৰিললৈ চম্পাৱতী হাইস্কুল প্ৰাংগনত সাতদিনীয়া বিহুনাচ আৰু ঢোল বাদনৰ কৰ্মশালা অনুষ্ঠিত হ’ব৷ প্ৰতিদিনে আবেলি ৩:৩০ বজাৰ পৰা ৫:৩০ বজালৈ অনুষ্ঠিত হ’বলগীয়া কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্হিত থাকিব মুখ্য প্ৰশিক্ষিকা,বিহুৱতী কস্তুৰী কাশ্যপ,বিহুৱা মৃণাল দাস,বিহু ৰাণী আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন লোকনৃত্য শিল্পী জেছমিন চেতিয়া ফুকন ,সহ প্ৰশিক্ষক,বিহুৱা অনিৰুদ্ধ ভূঞা,হিৰকজ্যোতি কলিতাকে আদি কৰি কেবাজনো অভিজ্ঞ প্ৰশিক্ষক৷ ইচ্ছ্যুক আগ্ৰহীসকলে ১ এপ্ৰিলৰ ভিতৰত ৮৮৭৬৭৩৬১৮০,৭৫৭৫৯০৮৭৮৭ নম্বৰত যোগাযোগ কৰি নামভৰ্তি কৰিবলৈ সংস্হাৰ সভাপতি কুমুদ শৰ্মা আৰু সম্পাদক নুৰুল হক আহমেদে অনুৰোধ জনাইছে৷