জনতা ভৱনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠক অনুষ্ঠিত
ৰঙিলী বাৰ্ত্তাসেৱা- জনতা ভৱনত শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ পঞ্চম সাধাৰণ পৰিষদৰ বৈঠক মুখ্যমন্ত্রী তথা শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° হিমন্ত বিশ্ব শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত হয়। এই বৈঠকত বিশ্ববিদ্যালয়খনৰ শৈক্ষিক আৰু প্ৰশাসনিক পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰা হয়। সাধাৰণ পৰিষদৰ এই বৈঠকত বিভিন্ন বিষয় সন্দৰ্ভত বিতং আলোচনাৰ পাছত উন্নতমানৰ শৈক্ষিক পৰিৱেশ গঢ়ি তোলা আৰু বিশ্ববিদ্যালয়খনত এক শক্তিশালী প্রশাসনিক ব্যৱস্থা অনাৰ লক্ষ্যৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্রহণ কৰা হয়। বিশ্ববিদ্যালয়খনৰ কেতবোৰ সেৱা ডিজিটেলকৰণ, তিনিটা পৰ্যায়ত ফেল’শ্বিপ কাৰ্যসূচী প্ৰৱৰ্তন অর্থাৎ জ্যেষ্ঠ ফেল’শ্বিপ (পিজি পর্যায়), ফেল’শ্বিপ (স্নাতক পর্যায়) আৰু বিশেষ ফেল’শ্বিপ (দত্ত, নাৰ্ছিং ইত্যাদি পাঠ্যক্ৰম) প্ৰদানৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়।এই বৈঠকতে উৎকৃষ্ট আৰু গুণগত সেৱা সুনিশ্চিত কৰাৰ বাবে চিকিৎসা মহাবিদ্যালয়সমূহ পৰিদৰ্শনৰ বাবে উপযুক্ত ব্যৱস্থা গঢ়ি তোলা, এই বিশ্ববিদ্যালয়ৰ অধীনত থকা সকলো চিকিৎসা মহাবিদ্যালয়ৰ বাবে অভিন্ন শৈক্ষিক ৰুটিন আৰু শিক্ষার্থী তথা অনুষদৰ বাবে একক পৰিচয় নম্বৰ দিয়াৰ বাবেও সিদ্ধান্ত গ্রহণ কৰা হয়।এই বৈঠকতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্রম বিকাশৰ বাবে দিয়া পৰামৰ্শও আলোচনা কৰা হয়। বিশ্ববিদ্যালয়খনৰ উপাচার্য ডাঃ ধ্ৰুৱজ্যোতি বৰাক বিষয়টো সন্দৰ্ভত প্রয়োজনীয় পদক্ষেপ লোৱাৰ বাবেও দায়িত্ব প্রদান কৰে। বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই বিশ্ববিদ্যালয়খনৰ কাৰ্যকলাপ সুশৃংখল কৰাৰ বাবে স্থায়ী চৌহদৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে বাইহাটা চাৰিআলিত স্থায়ী চৌহদ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে আগবঢ়োৱা ভূমিত বিশ্ববিদ্যালয়ৰ সীমা বেৰৰ সৈতে প্রশাসনিক ভৱন নিৰ্মাণৰ প্ৰাৰম্ভিক প্রক্রিয়া সোনকালে সম্পূৰ্ণ কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ উপাচার্য আৰু লোক নির্মাণ বিভাগ (স্বাস্থ্য আৰু শিক্ষা)ৰ মুখ্য অভিযন্তাক নির্দেশ দিয়ে। আগন্তুক ২ বছৰৰ ভিতৰত যাতে এই স্থায়ী চৌহদৰ পৰাই প্ৰশাসনিক আৰু মৌলিক শৈক্ষিক কার্যকলাপ আৰম্ভ কৰিব পৰা যায়, তাক সুনিশ্চিত কৰাৰ বাবেও মুখ্যমন্ত্রী ড° শৰ্মাই নির্দেশ দিয়ে। মুখ্যমন্ত্ৰীয়ে সাধাৰণ লোকসকলক লাভান্বিত কৰিব পৰাকৈ ‘লেব টু ফিল্ড’লৈ ৰূপান্তৰ সাধনৰ দিশত গৱেষণা কৰাৰ বাবেও বিশ্ববিদ্যালয়খনক গুৰুত্ব প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।