জগতগুৰু গুৰু শংকৰ-নিতিষ্মান দাস

Pc daily Assam

জগতগুৰু গুৰু শংকৰ

হে জগতগুৰু গুৰু শংকৰ,
পৰম ৰতন তুমি হৰি ভকতৰ।
হে মহান পুৰুষ গুৰু শংকৰ,
উজ্বলাই দিলা নাম বৰ অসমৰ
থাপিলা তুমি হৰিনাম ধৰম,
ধৰমৰ হকে কত কৰিলা কৰম ।
প্ৰচাৰিলা তুমি গুৰু হৰিৰ নাম,
পবিত্ৰ কৰিলা বৰদোৱা ধাম।
আকাশী গঙ্গা বোৱালা বৰদোৱাত,
ধৰমৰ ধল বোৱালা এইখনি ধৰাত ।
বামানয় শাস্ত্ৰ মোহ তুমি নাশিলা,
বলি বিধানৰ পৰা আমাক মুক্ত কৰিলা।
নিৰক্ষৰজনক তুমি প্রকাশ দেখালা,
অজ্ঞানী সমাজক জ্ঞান বিয়পালা।
নামঘৰ সাজি মণিকূট স্থাপিলা,
সমাজ গঢ়ি আমাক এক কৰিলা ।
খোল গঢ়ি নাট ৰচি অমৰ হ’লা,
বৰগীত ৰচি অসম সুৰীয়া কৰিলা ।
ব্ৰজাৱলী ভাষাৰ তুমি সৃষ্টি কৰিলা,
কীৰ্ত্তন ৰচনা কৰি ঈশ্বৰৰ জ্ঞান দিলা।
মণিকাঞ্চন সংযোগে মাধৱক পালা,
তব দেৱ বাণীৰে মাধৱক মোহিলা।
কাশিগঞা বৃন্দাবন তীৰ্থ ভ্ৰমণ কৰিলা,
হাতী মাৰি ভুৰুকাত ভৰাই লিখিলা গুণমালা।
তোমাৰ সৃষ্টি আজিও অসমৰ ঘৰে ঘৰে,
তোমাৰ বাবে সকলোৱে গৌৰৱ কৰে।
জগত গুৰু তুমি গুৰু শংকৰ,
পৰম ঈশ্বৰৰ যেন তুমি অংশধৰ।
সহস্র কৌটি প্রণাম তোমাৰ চৰণত,
সু-মঙ্গলময় কৰি ৰাখা এই জগত
।।এক দেৱ এক সেৱ এক বিনে নাহি কেৱ ৷৷
।।জয় জয় জগতগুৰু শংকৰদেৱ।।

-নিতিষ্মান দাস
অষ্টম শ্ৰেণী