জকাইৰ সমাজহিতৈষী প্ৰয়াত বিদ্যাধৰ গগৈৰ স্মৃতিচাৰণ সভা সম্পন্ন

জকাইৰ সমাজহিতৈষী প্ৰয়াত বিদ্যাধৰ গগৈৰ স্মৃতিচাৰণ সভা সম্পন্ন

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ বৰবৰুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত জকাইৰ আজীৱন সমাজকৰ্মী, শিক্ষানুৰাগী, জকাই অঞ্চলৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে জড়িত প্ৰয়াত বিদ্যাধৰ গগৈৰ স্মৃতিচাৰণ সভা খন যোৱা ৮ মাৰ্চত নিজা বাসভৱনত সম্পন্ন হৈ যায়। এই উপলক্ষে অনুষ্ঠানত প্ৰয়াত সমাজ কৰ্মী গৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে পৰিয়ালৰ হৈ জ্যেষ্ঠ পুত্ৰ অমৰজিৎ গগৈ, অমূল্য গগৈ আৰু কণিষ্ঠ পুত্ৰ ৰাজু গগৈয়ে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত তিনিচুকীয়াৰ ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সাহিত্যিক শৰৎ চিৰিং ফুকন, লেকাই কে চি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ সমীৰণ কুমাৰ দাস , সমাজকৰ্মী ডিম্বেশ্বৰ সোণোৱাল,মোলেন চন্দ্ৰ গগৈ, জকাই ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ বৰা, জকাই মধ্য ইংৰাজী বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ডম্বৰুৰ সোণোৱাল শিক্ষাব্ৰতী সুখেন দিহিঙ্গীয়া, সাহিত্যিক লোকদা বৰুৱা, জকাই প্ৰভাৱ গোষ্ঠীৰ হৈ সভাপতি ৰবীন সোণোৱাল, সম্পাদক ৰাজু ভৰালী, জকাই শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ গগৈ প্ৰমুখ্যে বহু গণ্য মান্য লোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অনুষ্ঠানত প্ৰয়াত সমাজ কৰ্মী বিদ্যাধৰ গগৈৰ তিনি গৰাকী পুত্ৰ -বোৱাৰী সহ আত্মীয় স্বজনে মহাপুৰুষ মাধৱদেৱৰৰ ঘোষাৰে এটি প্ৰাৰ্থনা জনায়। এই অনুষ্ঠানতেই জকাইৰ আজীৱন সমাজকৰ্মী বিদ্যাধৰ গগৈৰ জীৱন সম্বলিত স্মৃতিগ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি সমীৰণ কুমাৰ দাসৰ পৌৰোহিত্যত, সভাত উপস্থিত অতিথি সকলক পৰিয়ালবৰ্গই একোখন গামোচাৰে আদৰণি জনায় আৰু সভাৰ আতঁধৰি জকাই অঞ্চলৰ সমাজ সংগঠক ডিম্বেশ্বৰ সোণোৱালে প্ৰয়াত বিদ্যাধৰ গগৈৰ জীৱন কৰ্মৰাজিৰ ওপৰত আলোকপাত কৰাৰ উপৰিও সভাৰ উদ্দেশ্য ব্যাখ্যা জকাই শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ গগৈয়ে, অনুষ্ঠানত প্ৰয়াত বিদ্যাধৰ গগৈয়ে সমাজলৈ আগবঢ়োৱা অৱদান আৰু কৰ্মময় বৰ্ণাঢ্য জীৱন পৰিক্ৰমাৰ সন্দৰ্ভত, জকাই সমাজ জীৱনৰ অন্যতম পুৰোধা ব্যক্তি নিবাৰণ গগৈ , জকাই ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক টংকেশ্বৰ বৰা, প্ৰমুখ্যে কেবাগৰাকীও লোকে প্ৰয়াত গৰাকীৰ স্মৃতি ৰোমন্থন কৰে। স্মৃতি চাৰণ সভাৰ সৈতে সংগতি ৰাখি জকাই শাখা সাহিত্য সভাৰ সম্পাদক প্ৰদীপ গগৈৰ সম্পাদনাত প্ৰকাশিত স্মৃতিগ্ৰন্থ “বৰেণ্য” উন্মোচন কৰি দিয়া ভাষণত ডাঙৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সাহিত্যিক শৰৎ চিৰিং ফুকনে জকাই অঞ্চলৰ সমাজহিতৈষী সমাজকৰ্মী বিদ্যাধৰ গগৈৰ বৰ্ণাঢ্য জীৱনৰ কৰ্মৰাজিক শ্ৰদ্ধাৰে সুঁৱৰি তেখেতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। সভাত স্মৃতি গ্ৰন্থ সম্পাদনা সমিতিৰ সভাপতি, লেকাই কে চি জাতীয় বিদ্যালয়ৰ অধ্যক্ষ, সাহিত্যিক সমীৰণ কুমাৰ দাসে প্ৰয়াত বিদ্যাধৰ গগৈৰ চিন্তা, চেতনা, সামাজিক সাংস্কৃতিক শৈক্ষিক বৌদ্ধিক উত্তৰণৰ দিশত যোগোৱা অৰিহণাই তেখেতক জ্যোতিস্মান কৰি ৰাখিব বুলি প্ৰকাশ কৰে।সভাত অৱসৰপ্ৰাপ্ত শিক্ষক লক্ষেশ্বৰ কোৱঁৰ,সুখীধৰ গগৈ, জকাই গাওঁ পঞ্চায়তৰ প্ৰাক্তন সভাপতি পূৰ্ণানন্দ গগৈ সমন্বিতে জকাই অঞ্চলৰ বহু কেইগৰাকী সমাজ সংগঠক, আত্মীয় স্বজনে অংশগ্ৰহণ কৰে।