ছেবাই ঘোষণা কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল

Pc sebaonline.org

ছেবাই ঘোষণা কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল

ৰঙিলী বাৰ্ত্তাসেৱা- ছেবাই ঘোষণা কৰিলে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল ফলাফল। ৰাতিপুৱা ১০ বজাত ছেবাৰ কম্পাৰ্টমেণ্টেল ফলাফল ঘোষণা কৰা হয়। কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫২.৮০%। কম্পাৰ্টমেণ্টেল পৰীক্ষাত অৱতীৰ্ণ হৈছিল মুঠ ২৩,৯০৩ জন শিক্ষাৰ্থী।ইয়াৰ ভিতৰত উত্তীৰ্ণ হৈছে ১২,৮৬১ জন শিক্ষাৰ্থী। উক্ত পৰীক্ষাত প্ৰথম বিভাগত ৯৯ জন, দ্বিতীয় বিভাগত ৬,২৭৬ জন আৰু তৃতীয় বিভাগত  ৬,৪৮৬ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। কম্পাৰ্টমেণ্টেল পৰীক্ষা এই বৰ্ষৰ জুলাই মাহৰ ২৫ তাৰিখৰ পৰা ৩০ তাৰিখলৈকৈ অনুষ্ঠিত হৈছিল।