ছাত্ৰ-ছাত্ৰীসকলে মবাইলত সকলো সময়তে ভাৰ্চুৱেল পৃথিৱীত থাকিব নালাগে ঃ মহকুমাধিপতি দ্বীপন বৰ্মন

ছাত্ৰ-ছাত্ৰীসকলে মবাইলত সকলো সময়তে ভাৰ্চুৱেল পৃথিৱীত থাকিব নালাগে ঃ মহকুমাধিপতি দ্বীপন বৰ্মন

ৰঙিয়া,ৰঙিলী বাৰ্ত্তাসেৱা- ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উদ্যোগত হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক ৰবিবাৰে ৰঙিয়া মহাবিদ্যালয় প্ৰেক্ষাগৃহত বিশেষ সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হৈ যায় । সম্বৰ্ধনা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে ৰঙিয়া মহকুমাধিপতি দ্বীপন বৰ্মনে । মত বিনিময় কৰি মহকুমাধিপতিগৰাকীয়ে শিক্ষাৰ্থীসকলক বিশেষকৈ ম’বাইল ফোনৰ জৰিয়তে ভাৰ্ছুৱেল পৃথিৱীৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে ভাল মানুহ হ’বলৈ আহ্বান জনায় । অনুষ্ঠানত ১০ খন মৌজাৰ ১৫ খন বিদ্যালয়- মহাবিদ্যালয়ৰ ৰঙিয়াৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ ৫৩ গৰাকীক ছাত্ৰ ছাত্ৰীসকলক এখনি ৰাজবংশী গামোচা আৰু অভিনন্দন পত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। একেদৰে সম্বৰ্ধনা অনুষ্ঠানৰ আৰম্ভণিতে ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ এখনি সাধাৰণ সভা অনুষ্ঠিত হয় । সভাত উপস্থিত থাকে সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি তথা কোচ ৰাজবংশী উন্নয়ন পৰিষদৰ অধ্যক্ষ প্ৰণৱ নাৰায়ণ দেৱ । উন্নয়ন পৰিষদৰ অধ্যক্ষ গৰাকীয়ে কোচ ৰাজবংশী জনগোষ্ঠীৰ আন্তঃগাথঁনিৰ ওপৰত কোচ ৰাজবংশী লোকসকলক সজাগ হ’বলৈ অনুৰোধ জনোৱাৰ লগতে একত্ৰিত হৈ সকলো কোচ ৰাজবংশী জনগোষ্ঠীৰ মানুহক ওলাই আহি নিজৰ অধিকাৰ ৰাখিবলৈ সভাত ভাষণ প্ৰসংগত আহ্বান কৰে। সভাত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ উপ সভাপতি ড° ৰবীন দাস, দৰং জিলা কোচ ৰাজবংশী সন্মিলনীৰ সভাপতি বন্তি ডেকা, ৰঙিয়া জিলা কোচ ৰাজবংশী সন্মিলনীৰ উপদেষ্টা অংকুৰ দাস, হিতেশ চন্দ্ৰ তালুকদাৰ,সভাপতি ৰমণী ৰাজবংশী, সম্পাদক গণেশ দাস,সহ: সাধাৰণ সম্পাদক নয়নজ্যোতি তালুকদাৰ, মহিলা কোচ ৰাজবংশী সন্মিলনীৰ নমিতা দাস,বসুমতী তালুকদাৰ, কুঞ্জ দাস প্ৰমুখ্যে ভালেমান বিষয়ববীয়া, অভিভাৱক, ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে ।