ছাউথ পইণ্ট স্কুলত বিজেপি দক্ষিণ গুৱাহাটী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

ছাউথ পইণ্ট স্কুলত বিজেপি দক্ষিণ গুৱাহাটী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

ৰঙিলী বাৰ্ত্তাসেৱা- ৫ আগষ্ট শুক্রবাৰে গুৱাহাটী মহানগৰীৰ ছাউথ পইণ্ট স্কুল লাইব্ৰেৰী কক্ষত বিজেপি দক্ষিণ গুৱাহাটী মণ্ডলৰ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়। সভাত সভাপতিত্ব কৰে দক্ষিণ গুৱাহাটী মণ্ডল সভাপতি শক্তি সিং ডাঙৰীয়াই । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে দক্ষিণ গুৱাহাটী মণ্ডল সাধাৰণ সম্পাদক অনন্ত ৰাভাই। সভাত উপস্থিত থাকে অসম ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সদস্য তথা অসম বিত্তীয় নিগমৰ অধ্যক্ষ বিজয় কুমাৰ গুপ্তা, অসম ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সদস্য ৰবীন্দ্ৰ চন্দ্ৰ দে, গুৱাহাটী জি এম ডি এৰ উপাধ্যক্ষ মুকুতা ডেকা, অসম ৰাজ্যিকৰ কাৰ্যনিৰ্বাহক সদস্য তথা খনিজ উন্নয়ন নিগমৰ উপাধ্যক্ষ অশোক ভৰালী, গুৱাহাটী মহানগৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি তথা গুৱাহাটী পৌৰনিগমৰ পৌৰপতি মৃগেন শৰণীয়া, গুৱাহাটী পৌৰনিগমৰ উপপৌৰপতি স্মৃতা ৰয়, গুৱাহাটী মহানগৰ জিলা সমিতিৰ উপসভাপতি তথা দক্ষিণ গুৱাহাটী মণ্ডল প্ৰভাৰী দিলীপ মেধি, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক বিজয় পাঠক, গুৱাহাটী মহানগৰ জিলা জনজাতি মৰ্চাৰ সভাপতি ৰঞ্জিত বংজাং ‘দেৱৰ উপস্থিতিত শোক প্ৰস্তাৱ পাঠ কৰে দক্ষিণ গুৱাহাটী মণ্ডলৰ উপসভানেত্রী কৃষ্ণা দাসে। দক্ষিণ গুৱাহাটী মণ্ডল যুৱ মৰ্চাৰ সভাপতি উদ্দীপ্ত নয়ন মেধিয়ে যুৱ মৰ্চাৰ বাৰ্ষিক প্ৰতিবেদন পাঠ কৰে। দক্ষিণ গুৱাহাটী মণ্ডল অ’ বি চি মৰ্চাৰ সাধাৰণ সম্পাদক পাপাই পালে অ’ বি চি মৰ্চাৰ বার্ষিক প্রতিবেদন পাঠ কৰে, ৰাজনৈতিক প্ৰস্তাৱ পাঠ কৰে দক্ষিণ গুৱাহাটী মণ্ডল উপসভানেত্রী প্রতিমা দাসে। অসম ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ৰবীন্দ্ৰ চন্দ্ৰ দে ‘ই ৰাজনৈতিক প্ৰস্তাৱৰ সমৰ্থনত বক্তব্য ৰাখে। ওপৰত উল্লেখিত বিভিন্ন পদবীত থকা ব্যক্তি সকলে পঞ্চনিষ্ঠা, সাংগঠনিক দিশ, বিভিন্ন আঁচনি, গুৱাহাটী মহানগৰীৰ উন্নয়ন, আত্মমন্থন, শক্তিশক্তিকেন্দ্ৰ, ঘৰ ঘৰ তিৰঙ্গা, ইত্যাদি বিষয়ত বিস্তৃত ভাৱে আলোকপাত কৰে ।