চৰকাৰ খনৰ জনতাৰ প্ৰতি সদিচ্চাৰ অভাৱ – মুন শৰ্মা

Pc- istock
চৰকাৰ খনৰ জনতাৰ প্ৰতি  সদিচ্চাৰ  অভাৱ
মুন শৰ্মা(হেমেন),লখিমপুৰ
বজাৰত জুই চৰকাৰ নিমাত  দেশৰ জনতাৰ দুখ চৰকাৰ নিমাত এনেকুৱা অসংখ্য সময়ত চৰকাৰে কৰি  লৈ থকা নিমাতী কইনা চৰিত্ৰৰ অভিনয় আৰু কিমান বাকী।
এখন চৰকাৰ দায়িত্ব কি? সাধাৰণ অৰ্থত কবলৈ গলে   দেশৰ জনসাধাৰণ দুখ, বিপদৰ সময়ত লগত থাকি প্ৰতিটো সময়ত অভিভাৱকৰ দায়িত্বত লৈ  প্ৰতি সময়ত আমাৰ  উদ্ধাৰ কৰা। কিন্তু যোৱা সময় বোৰৰ বহুত কেইটা ঘটনাই ইয়াকে প্ৰতিপন্ন কৰিলে যে  বৰ্তমানৰ চৰকাৰ খনে   জনতাৰ প্ৰতি যে একো সহানুভূতি নাই। উদাহৰণ স্বৰুপে অসমৰ কা আন্দোলনৰ সময়ৰ কথা, মণিপুৰৰ  দুই জাতি  মাজৰ সংঘাতৰ কথা প্ৰধান।  বৰ্তমান সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প কথাটোৱে হওক  বহুতো।।
আকৌ চাব অসমৰ কথাই যদি কওঁ নিৰ্বাচনৰ সময়ত এটা  এটা কথা বৰকৈ কৈছিল জাতি মাটি ভেটি সুৰক্ষাৰ কথা কিন্তু বৰ্তমান অসমত চৰকাৰে জাতি মাটি ভেটি সুৰক্ষিত কৰাটো দূৰৰে কথা  এটা এটা কৈ অসমৰ সম্পদ বিক্ৰী কৰি  অসমৰ তলি উদং কৰাৰ হে চেষ্টা কৰি আছে।
অন্যহাতে  মদ,যিয়েই  এটা সময়ত শ্ৰীকৃষ্ণৰ যদু বংশ শেষ কৰি দিছিল বুলি কয়। সেই মদেই  অসমত অবাধ প্ৰচলনৰ জৰিয়তে যি ৰাজহ সংগ্ৰহৰ বেপাৰ কৰি আছে সেয়া যে এটা সময়ত অসমীয়া জাতি তথা অসমীয়া সমাজ খন নিশেষ হোৱাত ডাঙৰ অৰিহণা যোগাব সেয়া খাটাং।
উল্লেখ্য যে চৰকাৰ খনৰ কিছু কামলৈ যদি আমি চাও তেন্তে অসমীয়াৰ সেই বচন ভাগ অৰ্থাৎ বাহিৰে “ৰং চং ভিতৰে কোৱাভাতুৰি”  এই কথাটো খাপ খাই পৰে । অৰ্থাৎ বাহিৰে বাহিৰে দেশৰ জনতাৰ উন্নতি কথা দোহাই থকা তেওঁলোকে ভিতৰত বেলেগ কিবা হে কৰিব বিচাৰে যি প্ৰথম অৱস্থাত ধৰিব নোৱাৰিলে ও পাছত প্ৰতিজন জনতাই ধৰিব পাৰে।